আকৌ বিতৰ্কিত মন্তব্য কৰি অনুৰাগীক ক্ষোভিত কৰিলে এইগৰাকী অভিনেত্ৰীয়ে

বিগত কিছুদিনৰ পৰা খুব চৰ্চাত থকা এটা নাম হৈছে পুনম পাণ্ডে।স্বাস্থ্য সজাগতাৰ নামত মৃত্যুৰ নাটক কৰা এইগৰাকী অভিনেত্ৰী সম্প্ৰতি পুনৰ সমালোচনাৰ পাত্ৰ হৈ পৰিছে।মিছাকৈ মৃত্যুৰ বাতৰি প্ৰচাৰ কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ যত্ন কৰা পুনম পাণ্ডেক শেহতীয়াকৈ মুম্বাইৰ আন্ধেৰীৰ লক্ষ্মী নাৰায়ণ মন্দিৰত দেখা পোৱা গৈছে।

author-image
Asomiya Pratidin
New Update
আকৌ বিতৰ্কিত মন্তব্য কৰি অনুৰাগীক ক্ষোভিত কৰিলে এইগৰাকী অভিনেত্ৰীয়ে

ডিজিটেল ডেস্ক: বিগত কিছুদিনৰ পৰা খুব চৰ্চাত থকা এটা নাম হৈছে পুনম পাণ্ডে।স্বাস্থ্য সজাগতাৰ নামত মৃত্যুৰ নাটক কৰা এইগৰাকী অভিনেত্ৰী সম্প্ৰতি পুনৰ সমালোচনাৰ পাত্ৰ হৈ পৰিছে।মিছাকৈ মৃত্যুৰ বাতৰি প্ৰচাৰ কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ যত্ন কৰা পুনম পাণ্ডেক শেহতীয়াকৈ মুম্বাইৰ আন্ধেৰীৰ লক্ষ্মী নাৰায়ণ মন্দিৰত দেখা পোৱা গৈছে।

Advertisment

এই বিষয়ে হয়তো সকলো জ্ঞাত যে, কেইদিনমান পূৰ্বে পুনম পাণ্ডেৰ ইনষ্টাগ্ৰাম একাউণ্টত তেওঁ চাৰ্ভিকেল কেঞ্চাৰত আক্ৰান্ত হৈ মৃত্যু হোৱা বুলি এটা প’ষ্ট কৰা হৈছিল।ইয়াৰ পাছতে চৌদিশে হুৱাদূৱা লাগিছিল যদিও অভিনেত্ৰীগৰাকীয়ে এই প’ষ্ট কৰাৰ পিছদিনাই তেওঁ জীৱিত বুলি সকলোকে জানিবলৈ দিয়ে।সম্প্ৰতি ভয়াৱহ ৰূপ লোৱা চাৰ্ভিকেল কেঞ্চাৰৰ সজাগতা সৃষ্টিৰ বাবেহে এই মিছা খবৰ প্ৰচাৰ কৰা বুলিও তেওঁ স্পষ্ট কৰে।

এই ভণ্ডামি কৰাৰ পাছত প্ৰথমবাৰৰ বাবে সংবাদ মাধ্যম তথা অনুৰাগীৰ সন্মুখীন হৈ পুনমে পুনৰ বিতৰ্কিত মন্তব্য প্ৰকাশ কৰিছে। অভিনেত্ৰীগৰাকীয়ে এই সন্দৰ্ভত উল্লেখ কৰে যে, ‘এনে কাম মই স্বাস্থ্য সজাগতা সৃষ্টিৰ বাবেহে কৰিছিলো।মোৰ বাবে যদি কাৰোবাৰ লাভ হয়, তেন্তে এনে কাম মই আৰু ১০০ বাৰ কৰিম। অগনন মহিলাই মোৰ এই ঘটনাৰ পাছত চাৰ্ভিকেল কেঞ্চাৰৰ প্ৰতিষেধক গ্ৰহণ কৰিছে।তেওঁলোকে নিজকে সুৰক্ষিত ৰখাৰ পদক্ষেপ লৈছে।ইয়াতকৈ ভাল কথা আৰু কি হ’ব পাৰে ?মোৰ মিছা কথাৰ পৰা বহু মহিলা লাভান্বিত হৈছে।কিন্তু মই মোৰ বন্ধু আৰু অনুৰাগীসকলৰ ওচৰত আজিও ক্ষমা প্ৰাৰ্থী।'

উল্লেখ্য যে, মৃত্যুৰ খবৰৰ পাছত ভগৱানক দৰ্শন কৰি পুনম পাণ্ডেয়ে এইদৰে মন্তব্য কৰাত আকৌ অনুৰাগীসকল ক্ষোভিত হৈ পৰিছে।অনুৰাগীসকলৰ মতে, মডেল-অভিনেত্ৰীগৰাকীৰ এনে কাণ্ডই প্ৰকৃত কেঞ্চাৰ ৰোগীসকলক মানসিকভাৱে আঘাট দিছে, যিটো কোনোপধ্যেই গ্ৰহণযোগ্য নহয়।

Also Read: দৰিদ্ৰতা ! এইখন দেশতে সংঘটিত হৈছে এই আজৱ ঘটনা