/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/to-day-modi.jpg)
ডিজিটেল ডেস্কঃ সপ্তদশ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ সমাপ্ত হোৱাৰ পাছতে সোমবাৰে কেন্দ্ৰীয় পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীয়ে মুকলি কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জীৱনৰ ওপৰত নিৰ্মিত ছবি পি এম নৰেন্দ্ৰ মোডীৰ আন এখন পোষ্টাৰ। নাগপুৰৰ গাডকাৰীৰ বাসগৃহত ছবি খনৰ কলা-কুশলীৰ উপস্থিতিত পোষ্টাৰ খন মুকলি কৰা হয়।
পূৰ্বৰ পোষ্টাৰ সমূহতকৈ সম্পূৰ্ণ বিপৰীত এইবাৰৰ পোষ্টাৰখন। মুখত শঙ্খলৈ থকা এই পোষ্টাৰ খনৰ টেগ লাইন দিয়া হৈছ- আহি আছে দ্বিতীয়বাৰলৈ, এতিয়া কোনেও বাধা দিব নোৱাৰে।'
উল্লেখ্য যে, ওমঙ্গ কুমাৰৰ দ্বাৰা পৰিচালিত এই ছবিখন যোৱা ৫ এপ্ৰিলত মুক্তি পোৱাৰ কথা আছিল যদিও নিৰ্বাচনী আয়োগে এই সন্দৰ্ভত নিষেধাজ্ঞা আৰোপ কৰিছিল। খবৰ অনুসৰি লোকসভা নিৰ্বাচনৰ পাছদিনা অথাৎ ২৪ মেত মুক্তি পাব এই ছবিখন।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us