ছবি ঘৰতো চলিছে নৰেন্দ্ৰ মোডীৰ যাদু…

ছবি ঘৰতো চলিছে নৰেন্দ্ৰ মোডীৰ যাদু…

author-image
asomiyapratidin
New Update
ছবি ঘৰতো চলিছে নৰেন্দ্ৰ মোডীৰ যাদু…

ডিজিটেল ডেস্কঃ বহু বিৰ্তকৰ পাছত অৱশেষত লোকসভা নিৰ্বাচনৰ ফলাফলৰ এদিনৰ পাছতে মুক্তি দিয়া হয় হিন্দী ছবি 'পি এম নৰেন্দ্ৰ মোডী'। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জীৱনৰ ওপৰত নিৰ্মিত ছবিখনে মুক্তিৰ দিনটোতে বক্সঅফিচত আশানুৰূপ উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। যোৱা শুকুৰবাৰে মুক্তি পোৱা এই ছবিখনে প্ৰথম দিনতে ভাৰতত উপাৰ্জন কৰিছে ২.৮৮ কোটি টকা।

নৰেন্দ্ৰ মোডীৰ চৰিত্ৰত বিবেক অৱৰয়ে অভিনয় কৰা ছবিখনত বমন ইৰাণী, ৱহীদা ৰহমান, দৰ্শন কুমাৰ আৰু মনোজ যোশীৰ দৰে অভিনেতাই গুৰুত্বপূৰ্ণ চৰিত্ৰ ৰূপায়ন কৰিছে। ছবিখনৰ পৰিচালক উমঙ্গ কুমাৰ।