কি হ’ব মিকা সিঙৰ? হ’ব নেকি দেশৰ পৰা বহিষ্কাৰ!

কি হ’ব মিকা সিঙৰ? হ’ব নেকি দেশৰ পৰা বহিষ্কাৰ!

author-image
asomiyapratidin
New Update
কি হ’ব মিকা সিঙৰ? হ’ব নেকি দেশৰ পৰা বহিষ্কাৰ!

ডিজিটেল ডেস্কঃ পাকিস্তানত সংগীত পৰিৱেশন কৰাৰ পাচৰে পৰা কন্ঠশিল্পী মিকা সিঙক বিপদে লগ নেৰা হৈছে। ভাৰতীয় ছবিত প্ৰতিবন্ধকতা আৰোপ কৰাৰ পাচতে এতিয়া ঘৰতো শান্তিৰে থাকিবৱ পৰা নাই মিকা। পাকিস্তানৰ সৈতে মিতিৰালি কৰা মিকাৰ বাসগৃহৰ সন্মুুখত মঙলবাৰে হাজাৰ হাজাৰ লোকে কৰিলে প্ৰতিবাদ। হাতে হাতে প্লেকাৰ্ড লৈ মিকাক ভাৰতৰ পৰা বহিষ্কাৰৰ দাবী তুলিলে প্ৰতিবাদকাৰীয়ে।

সংবাদমাধ্যমৰ সন্মুখত প্ৰতিবাদকাৰীসকলে কয়- যিখন দেশৰ হাতত প্ৰতিদিনাই ভাৰতৰ একোজনকৈ জোৱানে প্ৰাণ হেৰুৱায়, তেনে দেশৰ সৈতে মিতিৰালি কৰা মিকা ভাৰতত থাকি একো লাভ নাই। ইফালে এই প্ৰতিবাদক অগণতান্ত্ৰিক আখ্যা দিছে মিকা সিঙৰ অধিবক্তাই।

মিকা সিঙৰ সপক্ষত তেওঁ কয় যে- 'মিকা সিঙৰ দেশভক্তিক লৈ কোনো প্ৰশ্ন উত্থাপন হব নালাগে, তেও দেশক বহুত ভাল পায়। সামাজিক কাম কাজতো তেও জড়িত। তেওৰ এটা এন জি অ আছে। তাত থকা ৫৫০০ গৰাকী মহিলাৰ সম্পূৰ্ণ খৰচ বহন কৰে তেওঁ।'