/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/08/sudip-dace-Untitled-4.jpg)
ডিজিটেল ডেস্কঃ দক্ষিণ ভাৰতৰ জনপ্ৰিয় অভিনেতা সুদীপ আৰু বলিউডৰ আন্না নামেৰে খ্যাত সুনীল ছেট্টীয়ে অভিনয় কৰা এখন নতুন ছবিৰ ট্ৰেইলাৰ মুকলি পালে বৃহস্পতিবাৰে। দমদাৰ ট্ৰেইলাৰ মুকলি হোৱা ছবিখনৰ নাম 'পহলৱান'। ছবিখনৰ ট্ৰেইলাৰটোৰ প্ৰথম ভাগত আপোনাৰো নিশ্চয় মনত পৰিব ছলমান খানৰ ছুপাৰ হীট ছবি 'ছুলতান'লৈ।
ট্ৰেইলাৰটোত সুনীল ছেট্টীক দেখা পোৱা গৈছে এক সম্পূৰ্ণ নতুন ষ্টাইলত। আৰু ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে সুদীপে। মল্লযুদ্ধৰ আৰম্ভণিৰ পৰা সফলতা পোৱালৈকে জীৱনত কিমান ঘাট-প্ৰতিঘাত পাৰ হ'ব লগা হয় সেই বিষয়েই দেখা পোৱা যাব ছবিখনত। চাওঁক ভিডিঅ'-
উল্লেখ্য যে, অহা ১২ ছেপ্টেম্বৰ, ২০১৯ত মুক্তি পাব এই ছবিখন। এই ছবিখন হিন্দীৰ লগতে তামিল, তেলেগু আৰু মলিয়ালম ভাষাতো মুক্তি পাব ছবিগৃহত। আৰু এই ছবিখনক পোনপটীয়া প্ৰতিদ্বন্দ্বিতা আগবঢ়াব আয়ুষ্মান খুড়ানাৰ ছবি 'ড্ৰীম গাৰ্লে'।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us