/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/12/karan.jpg)
ডিজিটেল ডেস্কঃ বলিউডৰ ড্ৰাগছৰ ঘটনাত এনচিবি তদন্তত প্ৰতিদিনে পোহৰলৈ আহিছে নতুন নতুন ঘটনা। এনচিবিয়ে বলিউডৰ ফিল্ম নিৰ্মাতা কৰণ জোহৰক জাননী প্ৰেৰণ কৰিছিল। কৰণ জোহৰে এনচিবিৰ জাননীৰ উত্তৰ প্ৰেৰণ কৰিছে।
কৰণ জোহৰে দাবী কৰিছে যে বিগত বৰ্ষত তেওঁৰ ঘৰত অনুষ্ঠিত পাৰ্টিত কোনো ধৰণৰ ড্ৰাগছৰ দ্ৰব্য ব্যৱহাৰ হোৱা নাছিল। তেওঁৰ এজন কৰ্মচাৰীয়ে শুক্ৰবাৰে তেওঁৰ এই মন্তব্যৰ খবৰ দিয়ে।এনডিএয়ে এক ভাইৰেল ভিডিঅ'ৰ সন্দৰ্ভত কৰণ জোহৰলৈ জাননী প্ৰেৰণ কৰিছিল।
উল্লেখ্য যে এই ভিডিঅ'ত জোহৰৰ ঘৰত অনুষ্ঠিত এটা পাৰ্টি আপত্তিজনক সামগ্ৰী গ্ৰহণ কৰাৰ বুলি অভিযোগ উত্থাপন হৈছিল। এনচিবিয়ে জোহৰক পাৰ্টিটোৰ সন্দৰ্ভত সকলো তথ্য দিবলৈ জনাইছিল। তেওঁলোকে কয় যে ইয়াৰ উত্তৰত কৰণ জোহৰে এই কথা নসাৎ কৰিছে।