"পলছ প্ৰডাকশ্যন" ৰ বেনাৰত আহি আছে এখন নতুন ছবি...

"পল প্ৰডাকশ্যন" ৰ বেনাৰত আহি আছে এখন নতুন ছবি...

author-image
Asomiya Pratidin
New Update
"পলছ প্ৰডাকশ্যন" ৰ বেনাৰত আহি আছে এখন নতুন ছবি...

ডিজিটেল ডেস্কঃ আধুনিকতাৰ আগ্ৰাসনৰ সময়তে গ্ৰাম্যাঞ্চলৰ পটভূমিক ৰূপালী পৰ্দাত কলাত্মক ভাবে উপস্থাপন কৰি দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে এগৰাকী অসমীয়া যুৱক। আত্মবিশ্বাস আৰু দৃঢ়তাক বুকুত বান্ধি আগবাঢ়ি আহিছে এইগৰাকী উদ্যোগী যুৱক পল কাকতি।

Advertisment

জুবিন,পাপনৰ সৈতে বহু কেইটা প্ৰকল্প সফলতাৰে সম্পন্ন কৰা এই যুৱকজনৰ নেতৃত্বতে আহি আছে এখন নতুন অসমীয়া ছবি। সকলো ঠিকে থাকিলে ২০২৪ বৰ্ষৰ শেষৰ ফালে ছবিখনৰ প্ৰাৰম্ভিক কাম-কাজ আৰম্ভ হ'ব। ইতিমধ্যে সামাজিক মাধ্যমত চৰ্চিত হোৱা এইগৰাকী যুৱকে একান্তভাৱে কৰি যোৱা কৰ্মৰাজিসমূহে অসমবাসী ৰাইজক উৎসাহিত কৰি তুলিছে।

পলছ প্ৰডাকশ্যন নামেৰে এটি হাউচৰ জন্ম দি অসমীয়া সাংস্কৃতিক ক্ষেত্ৰখনত নিৰন্তৰ তথা নীৰৱে বহু কাম কৰি গৈছে এইগৰাকী যুৱকে। অসমৰ গ্ৰামাঞ্চলৰ চহকী লোক কৃষ্টিক মূল আধাৰ হিচাপে লৈ এই প্ৰডাকশ্যনৰ বেনাৰত নিৰ্মাণ হোৱা বহু প্ৰকল্পই ইতিমধ্যে যথেষ্ট সমাদাৰ লাভ কৰিছে।

এইগৰাকী যুৱ প্ৰযোজকে, দিহিং কলঘৰ গাঁওখন পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ কৰি তুলিবৰ বাবে এটা অসমীয়া গীত নিৰ্মাণ কৰি ৰাইজৰ মাজলৈ উলিয়াই দিয়ে। গীতটো আছিল জুবিন গাৰ্গৰ ‘ঐনিতম’। পৰৱৰ্তী সময়ত, এই প্ৰডাকচন হাউচটোৰ বেনাৰত অংগৰাগ পাপন মহন্তৰো এটা গীত ‘কেনে আছা তুমি’ য়ে মুক্তি লাভ কৰিছিল।

অসমৰ চহকী লোক-কৃষ্টিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যেৰ আগন্তুক সময়ত বহু প্ৰকল্পৰ চিন্তা চৰ্চা কৰা হৈছে বুলি জনায় পল কাকতিয়ে। অসমৰ জনগোষ্ঠী সমূহক লৈও ভৱিষ্যতে কাম কৰা ইচ্ছা প্ৰকাশ কৰে তেওঁ।

Also Read: অযোধ্যাবাসী ফাঁকিবাজ আৰু স্বাৰ্থপৰঃ খোদ ‘লক্ষ্মণে’ কিয় ক'লে এনেকৈ...

Pauls production New productin house assam production house