চছিয়েল মিডিয়াত খলকনি তোলা নেহা কক্বৰৰ ফটোখনৰ আচল ৰহস্য কি…

চছিয়েল মিডিয়াত খলকনি তোলা নেহা কক্বৰৰ ফটোখনৰ আচল ৰহস্য কি…

author-image
asomiyapratidin
New Update
চছিয়েল মিডিয়াত খলকনি তোলা নেহা কক্বৰৰ ফটোখনৰ আচল ৰহস্য কি…

ডিজিটেল ডেস্কঃ বলিউডৰ জনপ্ৰিয় আৰু সুকন্ঠী গায়িকা নেহা কক্কৰ আৰু ৰোহনপ্ৰীত সিঙৰ ঘৰলৈ আহিব এক নতুন আলহী। এই কথাৰ খবৰ দিছে স্বয়ং নেহা কক্কৰ আৰু ৰোহনপ্ৰীতে। তেওঁলোকে সামাজিক মাধ্যমত চেয়াৰ কৰা এখন ফটোক লৈ এতিয়া সৰ্বত্ৰ চৰ্চা অব্যাহত আছে।

Advertisment

এই ফটোখন চেয়াৰ কৰি নেহা লিখিছে "খেলায় ৰাখা" আৰু ৰোহনপ্ৰীতে কক্কৰৰ ফটোত কমেন্ট লিখিছে যে এতিয়াটো বেছিয়েই খেয়াল ৰাখিব লাগিব।নেহাৰ এই ফটোখনত যথেষ্ট কমেন্ট কৰিছে তেওঁৰ অনুৰাগীসকলে, তেওঁলোকে এই খবৰৰ বাবে নেহাক অভিনন্দনো জনাইছে। ফটোখনত খুৱ মৰমলগাকৈ দেখা গৈছে দুয়োকে।

উল্লেখ্য যে চলিত বৰ্ষৰ ২৬ অক্টোৱৰত বিবাহপাশত আৱদ্ধ হৈছিল দুয়োজন। তেওঁলোকৰ বিবাহৰ ছবিবোৰো খুবেই ভাইৰেল হৈছিল সামাজিক মাধ্যমত। এই পোষ্টটোৰ কমেন্টত বহুতো অনুৰাগীয়ে কিয় কেনেকৈ আদি প্ৰশ্ন কৰিছে।বহুতে তেওঁক অভিনন্দন জনোৱাৰ বিপৰীতে কিন্তু আন বহুতো অনুৰাগীয়ে এয়া তেওঁৰ নতুনকৈ আহিব লগা গানৰ শ্বুটিং বুলিও অভিহিত কৰিছে।

উল্লেখ্য যে ইয়াৰ পূৰ্বেও নতুন গান ৰিলিজৰ পূৰ্বে অনুৰাগীৰ মাজত এনে ধৰণৰ দৃষ্টি আকৰ্ষণ কৰা ফটো চেয়াৰ কৰি চৰ্চিত হৈছিল নেহা।