/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/12/ncb.jpg)
ডিজিটেল ডেস্কঃ বলিউডৰ ড্ৰাগছৰ ঘটনাৰ তদন্তকাৰী এনচিবিয়ে নিজৰ বিভাগৰ দুজন বিষয়াক নিলম্বিত কৰিছে। খবৰ অনুসৰি দুয়োজন বিষয়াৰ স্থিতি সন্দেহজনক আছিল।বিভাগটোৰ সন্দেহ যে দুয়োজন বিষয়াই দোষীক জামিন দিয়া আৰু অপৰাধীক সহায় কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।
উল্লেখ্য যে ড্ৰাগছৰ ঘটনাত গ্ৰেপ্তাৰ হোৱা জনপ্ৰিয় কৌতুক অভিনেত্ৰী ভাৰতী সিং আৰু তেওঁৰ স্বামী হৰ্ষ লিম্বাচিয়াৰ জামিন আবেদনৰ শুনানিৰ বাবে এনচিবি কোনো বিষয়া আদালতত উপস্থিত হোৱা নাছিল।
আদালতে এনচিবিৰ মতামত শুনাৰ পূৰ্বেই দুয়োজনক জামিন দিবলৈ বাধ্য হৈছিল।একেধৰণৰ সন্দেহ কৰা হৈছে দীপিকা পাডুকনৰ মেনেজাৰ কৰিশ্মা প্ৰকাশৰ জামিন সন্দৰ্ভতো কৰা হৈছিল। দুয়োজন বিষয়াক বৰ্তমান সোঁধ পোঁচ অব্যাহত ৰখা হৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us