অৰ্জুন ৰামপালক পুনৰ এনচিবিৰ চমন…

অৰ্জুন ৰামপালক পুনৰ এনচিবিৰ চমন…

author-image
asomiyapratidin
New Update
অৰ্জুন ৰামপালক পুনৰ এনচিবিৰ চমন…

ডিজিটেল ডেস্কঃ বলিউডৰ ড্ৰাগছৰ ঘটনাৰ তদন্তকাৰী সংস্থা এনচিবিয়ে তেওঁলোকৰ তদন্ত বৰ্তমানেও অব্যাহত ৰাখিছে। মঙলবাৰে এনচিবিয়ে বলিউডৰ অভিনেতা অৰ্জুন ৰামপাললৈ চমন পঠিয়াইছে। তেওঁলোকে ১৬ ডিচেম্বৰত সোধ-পোচৰ বাবে মাতিছে অভিনেতাজনক।

Advertisment

উল্লেখ্যযোগ্য যে, ড্ৰাগছৰ ঘটনাত অৰ্জুন ৰামপালক পূৰ্বেও এবাৰ সোধ-পোচ কৰিছিল এনচিবিয়ে।তেওঁলোকে কেইবাঘন্টা ধৰি সোধ পোচ কৰিছিল অভিনেতাজনক। সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছত বলিউডৰ ড্ৰাগছ সম্পৰ্কীয় ঘটনাত তদন্ত চলাই আছে এই তদন্তকাৰী সংস্থাটোৱে।