জাতিভেদ প্ৰথাৰ চিকাৰ নৱাজুদ্দিন চিদ্দিকি…

জাতিভেদ প্ৰথাৰ চিকাৰ নৱাজুদ্দিন চিদ্দিকি…

author-image
asomiyapratidin
New Update
জাতিভেদ প্ৰথাৰ চিকাৰ নৱাজুদ্দিন চিদ্দিকি…

ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ এখন সৰু গাওঁত জন্ম বলীউদৰ প্ৰখ্যাত অভিনেতা নৱাজুদ্দিন চিদ্দিকিৰ । শেহতীয়াকৈ, এক সাক্ষাৎকাৰৰ সময়ত  অভিনেতাগৰাকীয়ে গাওঁ থকা জাতিভেদ বৈষম্যৰ কথা কয়। তেওঁৰ আইতাকে নিম্নবৰ্ণৰ লগত ভাল সম্পৰ্ক ৰখাৰ বাবেই জাতিৰ এতিয়াও তেওঁলোকৰ গাওঁবাসীয়ে গ্ৰহণ কৰা নাই বুলি উল্লেখ কৰে অভিনেতা গৰাকীয়ে।

Advertisment

তেওঁ লগতে কয় যে, তেওঁ বিখ্যাত কিন্তু তেওঁলোকৰ বাবে সেয়া গুৰুত্বপূৰ্ণ নহয়।কিন্তু জাতিভেদ প্ৰথা  তেওঁলোকৰ শিৰাই শিৰাই সোমাই আছে। তেওঁলোকে জাতিকহে তেওঁলোকৰ গৌৰৱ বুলি গণ্য কৰে।

হথৰছৰ ঘটনাৰ সম্পৰ্কত নৱাজুদ্দিনে কয় যে, "যি ভুল সেয়া কেৱল ভুল।হথৰছৰ ঘটনাৰ বিৰুদ্ধে শিল্পী সমাজেও মাতি আছে। মাত মতাতো অতি জৰুৰী বুলি উল্লেখ কৰি অভিনেতাজনে সেয়া অতি দুৰ্ভাগ্যজনক ঘটনা বুলি অভিহিত কৰে।