আজি মোৰ বাথৰুমটো যিমান ডাঙৰ এসময়ত তাতকৈ সৰু ঘৰত মই আছিলো- নৱাজুদ্দিন

আজি মোৰ বাথৰুমটো যিমান ডাঙৰ এসময়ত তাতকৈ সৰু ঘৰত মই আছিলো- নৱাজুদ্দিন

author-image
asomiyapratidin
New Update
আজি মোৰ বাথৰুমটো যিমান ডাঙৰ এসময়ত তাতকৈ সৰু ঘৰত মই আছিলো- নৱাজুদ্দিন

ডিজিটেল ডেস্ক: বলিউডৰ অভিনেতা নৱাজুদ্দিন চিদ্দিকীয়ে বহু সংঘৰ্ষ কৰি ছবি জগতত সফলতা লাভ কৰিছে।তেওঁ নিজৰ সংঘৰ্ষৰ বিষয়ে বিভিন্ন সময়ক মন্তব্য প্ৰকাশ কৰা দেখা যায়।এতিয়া বলিউডৰ নামী-দামী চেহেৰা নৱাজুদ্দিন।

Advertisment

কেইমাহমান পূৰ্বে নৱাজে মুম্বাইত নিজৰ এটি ডাঙৰ অট্টালিকা নিৰ্মাণ কৰিছিল। নিজৰ পিতৃৰ নামেৰে নামাকৰণ কৰা ঘৰটোৰ ফটো ছ'চিয়েল মিডিয়াত তীব্ৰগতিত ভাইৰেল হৈছিল ।

ইয়াৰ মাজত পুনৰ চৰ্চালৈ আহিছে নৱাজুদ্দিন। এক সাক্ষাতকাৰত তেওঁ কয় যে "আজি মোৰ ব্যক্তিগত বাথৰুমটো যিমান ডাঙৰ এটা সময়ত সিমান ডাঙৰ মোৰ ঘৰ আছিল।যেতিয়া মই মুম্বাইলৈ আহিছিলো,তেতিয়া একেবাৰে সৰু ঠাই এটুকুৰাত আছিলো।তাত অন্য বহু অভিনেতাও আছিল।সেই ৰুমটো ইমানেই সৰু আছিল যে যদি কোনোৱে দৰ্জা খোলে তেন্তে কাৰোবাৰ ভৰিত লাগিছিল।আমি তাত মাটিত শুইছিলো।লাহে লাহে মই তিনিজনৰ লগত ৰুম শ্বেয়াৰ কৰা আৰম্ভ কৰিলো, তাৰ পাছত দুজন আৰু ২০০৫ চনৰ পৰা মই অকলে থাকো"।

উল্লেখ্য যে, নৱাজুদ্দিনে নিজৰ কৰ্মজীৱনত যথেষ্ঠ সংঘৰ্ষ কৰিছে। এতিয়া বিভিন্ন জনকে আপ্লুত কৰে নৱাজৰ অভিনয়ে।চিৰিজৰ পৰা আৰম্ভ কৰি চলচ্চিত্ৰলৈ নৱাজুদ্দিনে দেখুৱাইছে নিজৰ প্ৰতিভা।

bollywood nawazuddin siddiuqi