৬৮সংখ্যক ৰাষ্ট্রীয় চলচ্চিত্র বঁটা ঘোষণা, অজয় দেৱগন আৰু সূৰ্যলৈ শ্ৰেষ্ঠ অভিনেতাৰ সন্মান…

৬৮সংখ্যক ৰাষ্ট্রীয় চলচ্চিত্র বঁটা ঘোষণা, অজয় দেৱগন আৰু সূৰ্যলৈ শ্ৰেষ্ঠ অভিনেতাৰ সন্মান…

author-image
asomiyapratidin
New Update
৬৮সংখ্যক ৰাষ্ট্রীয় চলচ্চিত্র বঁটা ঘোষণা, অজয় দেৱগন আৰু সূৰ্যলৈ শ্ৰেষ্ঠ অভিনেতাৰ সন্মান…

ডিজিটেল ডেস্ক: আজি ঘোষণা কৰা হয় ৬৮ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২০। এই সমাৰোহত বিভিন্ন শিতান আৰু বিভিন্ন ভাষাৰ বাবে শ্ৰেষ্ঠ সন্মান ঘোষণা কৰা হয়।

Advertisment

অজয় দেৱগন আৰু সূৰ্যক যুটীয়াভাৱে শ্রেষ্ঠ অভিনেতাৰ সন্মান প্ৰদান কৰা হয়। 'তানাজী'ৰ বাবে অজয় দেৱগনলৈ শ্রেষ্ঠ অভিনেতাৰ বঁটা আৰু 'ছুৰাৰাই পট্রু'ৰ বাবে সূৰ্যলৈ শ্রেষ্ঠ অভিনেতাৰ বঁটা প্ৰদান কৰা হয়।

তামিল অভিনেত্রী অপৰ্ণা বালামুৰুলীলৈ শ্রেষ্ঠ অভিনেত্রীৰ বঁটা প্ৰদান কৰা হয়। 'ছুৰাৰাই পট্রু'ৰ বাবে শ্রেষ্ঠ অভিনেত্রীৰ বঁটা অপৰ্ণা বালামুৰুলীলৈ ।

ইয়াৰোপৰি আৰু কেইবাটাও শিতানত এই পুৰস্কাৰ ঘোষণা কৰা হয়। অসমৰ কেইবাখনো ছবিয়ে কঢ়িয়াই আনে সন্মান। কৃপাল কলিতাৰ 'ব্রীজ' আঞ্চলিক ভাষাৰ শ্রেষ্ঠ ছবি ঘোষণা কৰা হয়।

আইমী বৰুৱাৰ পৰিচালিত 'ছেমখৰ'লৈ দুটাকৈ বঁটা। ডিমাছা ভাষাৰ শ্রেষ্ঠ ছবি হিচাপে ৰজত কমল বঁটা আৰু অভিনেত্রী আইমী বৰুৱালৈ জুৰীৰ বিশেষ বঁটা ঘোষণা কৰা হয়।

অ-কাহিনী চিত্র শিতানত অসমৰ দুখন ছবিলৈ পুৰস্কাৰ। পৰিৱেশ শিতানত শ্রেষ্ঠ দীপ ভূঞাৰ 'মানাহ আৰু মানুহ' আৰু খঞ্জন কিশোৰ নাথৰ কাৰ্বি চুটি ছবি 'কাচিচিনিথু'লৈ পুৰস্কাৰ। শ্রেষ্ঠ চুটি ছবি হিচাপে বিবেচিত 'কাচিচিনিথু'।

আৰু পঢ়ক: ঢকুৱাখনাত শিক্ষক-শিক্ষাৰ্থী সমানুপাতিকৰণত বিসংগতি

kripal kalita best actor ajay devagan aimee baruah national film award surjya