/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/07/nalbari.jpg)
ডিজিটেল সংবাদ, নলবাৰীঃ ভ্ৰাম্যমাণ নাট্যদলসমূহত প্ৰতিবছৰে নাট্যবৰ্ষৰ প্রস্তুতি আৰম্ভ হোৱাৰ লগে লগে নাট্যপ্রেমীৰ মাজত চৰ্চা হয় কোনজন গ্লেমাৰ শিল্পী অথবা সহঃশিল্পী ক'ত থাকিব,ক'ত কোনজন নাট্যকাৰৰ কি নাটক থাকিব ইত্যাদি ইত্যাদি । চৌদিশে কেৱল ব্যস্ততা আৰু ব্যস্ততা । উৎকণ্ঠাৰ অন্ত নাই । কিন্তু কিছু দিশ সাধাৰণতে সদায় অন্ধকাৰতে থাকি যায়। যাৰ অবিহনে প্রযোজক এজনে থিয়েটাৰ এখন চলাই নিয়াটো মুঠেও সম্ভৱপৰ নহয় । নেপথ্যত জিলিকি থকা তেনে দুটা চৰিত্র হৈছে ভ্রাম্যমাণ থিয়েটাৰৰ সম্পাদক আৰু প্রতিনিধি । যিয়ে সম্পূৰ্ণ নটা মাহৰ বাবে থিয়েটাৰ এখন সু সংগঠিত কৰি ৰাখি পেণ্ডেলসমূহ চুক্তিবদ্ধ কৰি দিয়াৰ লগতে তাৰ সম্পূৰ্ণ চোৱা চিতা কৰে । এই চৰিত্রৰ লগত সুদীৰ্ঘ ২৩ বছৰ নিবিড়ভাৱে জড়িত থকা এজন শিল্পী ভূপেন্দ্ৰনাথ শৰ্মা। ।
আনকি বিভিন্ন নাটকত তেওঁ অভিনয়ো কৰিছিল। এইগৰাকী শিল্পীৰ সৈতে আজিকোপতি কোনো দৰ্শকে চিনাকী হোৱাৰ প্রয়োজনবোধ কৰা নাই । কিন্তু এইগৰাকীয়ে শিল্পীয়ে নিজৰ পৰিয়ালৰ মায়া মোহ ত্যাগ কৰি বছৰ পাচত বছৰ থিয়েটাৰকে সাৰথি হিচাপে লৈ নিজৰ জীৱন উৎসৰ্গা কৰি দিছে । ছাত্ৰ অৱস্থাত বিভিন্ন অপেছাদাৰী নাট্য দলত ভিন্নধৰ্মী নাটত অভিনয় কৰা ভূপেন্দ্ৰ নাথ শৰ্মাই নলবাৰী জিলাৰ বিভিন্ন মঞ্চৰ উপৰিও ৰঙিয়া, সৰভোগ,ঢালিগাঁও,গোলাঘাট, শিৱসাগৰ, সৰুপথাৰ আদিত নাটকেৰে দৰ্শকৰ অন্তৰ জয় কৰিছিল। পৰৱৰ্তী সময়ত ১৯৮৭ চনৰ পৰা ২০১০ চনলৈ সুদীৰ্ঘ কাল ভ্রাম্যমাণৰ ভিতৰচ'ৰাত ভিৰৰ মাজতো উজলি থকা নলবাৰী বৰআজাৰাৰ সুসন্তান ভূপেন্দ্ৰনাথ শৰ্মা। কিছুবছৰ এমেচাৰৰ লগত জড়িত হৈ থকাৰ পিচত ১৯৮৭ চনত গোলাঘাটৰ 'ত্ৰিণয়ন' থিয়েটাৰৰ জৰিয়তে পোনপ্ৰথমে ভ্ৰাম্যমাণৰ লগত জৰিত হৈ পৰে।
সেই যে আৰম্ভ হ'ল তেওঁ আৰু এৰিব নোৱৰা হ'ল। পৰিয়ালৰ কথাকো গৌণভাবে লোৱা নটৰাজৰ সেৱক ভূপেন্দ্ৰনাথ শৰ্মাই 'ত্ৰিণয়ন' থিয়েটাৰৰ উপৰিও শিৱসাগৰৰ'জ্যোতিৰূপা',নলবাৰীৰ 'ভাগ্যদেৱী' ,নলবাৰী বালিতাৰাৰ'মাধৱদেৱ', গুৱাহাটীৰ 'ৰাজশ্ৰী', নলবাৰীৰ 'অসমজ্যোতি',কনিহাৰ 'অলকানন্দা' আৰু সৰ্থেবাৰীৰ 'অনুৰাধা' থিয়েটাৰত সম্পাদক আৰু কোনোবাখনত সম্পাদক আৰু প্ৰতিনিধি দুয়োটা পদতেই নিষ্ঠাৰে কাৰ্যনিৰ্বাহ কৰে। আনকি অভিনয় দক্ষতাৰ বাবে উল্লিখিত থিয়েটাৰকেইখনৰ কেইবাখনো নাটকত তেওঁ অভিনয়ো কৰিছিল। ছিৰাজ,মছনদ,মাৰ্জিয়ানা,শকুনিৰ প্ৰতিশোধ, মহিম মাষ্টৰ, মহালগ্ন,আদালত,গমধৰ কোঁৱৰ, টেক্সি ড্ৰাইভাৰ আদি তেওঁৰ অভিনয় জগতৰ চিৰস্মৰণীয় নাটক।
ভ্রাম্যমাণত নিম্ন পাৰিশ্রমিক লৈ জীৱন ৰথৰ চকা চলোৱাটো কঠিন হৈ পৰাত আৰু বেমাৰ আজাৰে লগ দিয়াত ২০১০ চনত তেওঁ ভ্ৰাম্যমাণ জগত বাদ দিবলৈ বাধ্য হয়। ঘৰলৈ আহি জীৱিকাৰ তাড়নাত তেওঁ দুই এটা ব্যৱসায়ত হাত দিয়ে যদিও নাটক বলিয়া মানুহজন ব্যৱসায়ত সফল হ'ব নোৱাৰিলে।
৬৭ বছৰ বয়সীয়া ভূপেন্দ্ৰ নাথ শৰ্মাৰ এতিয়া আৰ্থিক দীনতা তথা বয়স আৰু বেমাৰৰ হেঁচাত পুতৌ লগা অৱস্থা। ঘৰত তেওঁৰ পৰিবাৰসহ দুগৰাকী বিবাহযোগ্যা কন্যা। জীৱনৰ সোণালী সময়বোৰ নাটক-থিয়েটাৰৰ নামত পাৰ কৰা এইগৰাকী একনিষ্ঠ সেৱকে শিল্পী পেঞ্চনৰ কথা বাদেই চৰকাৰৰ পৰা কোনোধৰণৰ সাহায্য লাভ কৰা নাই। এনেধৰণৰ উপেক্ষিত শিল্পী-সংগঠকৰ ওপৰত চৰকাৰৰ চকু নপৰে নেকি বুলিও ৰাইজৰ মাজত প্ৰশ্ন উঠিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us