কিয় জেললৈ যাব লগা হ’ল বলিউদৰ জনপ্ৰিয় অভিনেতা প্ৰশান্ত…

কিয় জেললৈ যাব লগা হ’ল বলিউদৰ জনপ্ৰিয় অভিনেতা প্ৰশান্ত…

author-image
asomiyapratidin
New Update
কিয় জেললৈ যাব লগা হ’ল বলিউদৰ জনপ্ৰিয় অভিনেতা প্ৰশান্ত…

ডিজিটেল ডেস্কঃ ৫০ খনৰো অধিক হিন্দী ছবিত অভিনয় কৰা অভিনেতা প্ৰশান্ত নাৰায়ন বৰ্তমান জেলত। অভিনেতাগৰাকীৰ সৈতে তেওঁৰ পত্নীয়েও এতিয়া জেলতেই কটাইছে দিন। এজন ছবি নিৰ্মাতাৰ গোচৰৰ ভিত্তিত কেৰালা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে প্ৰশান্ত নাৰায়নক। আৰক্ষীয়ে সংবাদমাধ্যমক জানিবলৈ দিয়ামতে, টমাছ পনিকৰ নামৰ এজন ছবি নিৰ্মাতাৰ পৰা ব্যৱসায়ত অংশীদাৰিত্বৰ প্ৰতিশ্ৰুতিৰে প্ৰশান্তই সৰকাইছিল ১.২০ কোটি টকা।

কিন্তু শেষত ছবি নিৰ্মাতাগৰাকীয়ে প্ৰশান্তৰ কোনো ব্যৱসায় নথকাৰ কথা জানিব পাৰি কেৰালা আৰক্ষীক এক গোচৰ ৰুজু কৰিছিল।এই গোচৰৰ ভিত্তিতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিনেতাজনক। উল্লেখ্য যে, অভিনেতা প্ৰশান্ত নাৰায়নে বিগত কিছু বছৰ পৰ্দাৰ পৰা আতঁৰি আছে যদিও শেষৰ কেইটামান বৰ্ষত অভিনয় কৰা ছবিসমূহত খলনায়কৰ চৰিত্ৰৰে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছিল।