প্ৰথমবাৰৰ বাবে জনপ্ৰিয় অভিনেতা হৃতীক-টাইগাৰৰ মাজত ‘ৱাৰ’… চাওঁক VIDEO

প্ৰথমবাৰৰ বাবে জনপ্ৰিয় অভিনেতা হৃতীক-টাইগাৰৰ মাজত ‘ৱাৰ’… চাওঁক VIDEO

author-image
asomiyapratidin
New Update
প্ৰথমবাৰৰ বাবে জনপ্ৰিয় অভিনেতা হৃতীক-টাইগাৰৰ মাজত ‘ৱাৰ’… চাওঁক VIDEO

ডিজিটেল ডেস্কঃ দীৰ্ঘসময়ৰ পৰা ভাৰতীয় দৰ্শকৰ মনৰ আশা বলিউডৰ জনপ্ৰিয় অভিনেতা হৃতীক ৰোশ্বন আৰু টাইগাৰ শ্ৰফক একেলগে ৰূপালী পৰ্দাত দেখা পোৱাতো। কিন্তু দৰ্শকৰ এই অপেক্ষাৰ অন্ত পৰিল। কিয়নো য়াশ ৰাজ ফিল্মছৰ এখন নতুন ছবিত একেলগে দেখা পোৱা যাব দুয়োগৰাকী অভিনেতাক।

ছবিখনৰ এটা ট্ৰেইলাৰ ইউটিউবত মুক্তিদিয়া হৈছে। আৰু ট্ৰেইলাটো চালে বুজিব পাৰি যে ছবিখন একশ্যনেৰে ভৰপূৰ হ'ব। 'ৱাৰ'নামৰ ছবিখনৰ ট্ৰেইলাৰত অভিনেতা হৃতীক ৰোশ্বন আৰু টাইগাৰ শ্ৰফৰ একশ্যনৰ লগতে ছবিখনৰমুক্তিৰ তাৰিখো জনোৱা হৈছে।

মাত্ৰ ৫২ ছেকেণ্ডৰ এই ট্ৰেইলাৰটোত হলিউড ষ্টাইলৰ একশ্যনে দৰ্শকক ছবিখনৰ প্ৰতি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। তদুপৰি ছবিখনৰ বাজেটো বহু বেছি বুলি অনুমান কৰা হৈছে। চাওঁক 'ৱাৰ'ৰ ট্ৰেইলাৰটো-

এইট্ৰেইলাৰটো দৰ্শকে ইমানেই ভাল পাইছে যে, ১২ ঘণ্টাৰো কম সময়ত ৭৬,৮৭,৩৩৮ লোকে এইট্ৰেইলাৰটো চাইছে। ৰোমাঞ্চ আৰু একশ্যনেৰে এই ছবিখন ভৰপূৰ হ'ব সেই কথা ট্ৰেইলাৰটো চাইক'লে ভুল নহ'ব।

উল্লেখ্যযে, ছবিখনত অভিনেত্ৰী বাণী কাপুৰেও অভিনয় কৰিছে। ২ অক্টোবৰ অৰ্থাৎ গান্ধী জয়ন্তীতছবিগৃহত মুক্তি পাব লগা এই ছবিখনক লৈ বৰ্তমান ভাৰতীয় দৰ্শকে অপেক্ষা কৰি আছে।ইফালে, এই ছবিখনক লৈ পৰিচালক সিদ্ধাৰ্থ আনন্দো অতি আশাবাদী। আৰু এই জনপ্ৰিয়পৰিচালক গৰাকীৰ পৰিচালনাত অভিনেতাদ্বয়ই একেলগে অভিনয় কৰা 'ৱাৰ' ছবিখন ছুপাৰহীট হ'ববুলি দৰ্শকসকলে আশা কৰিছে।