পুৱাৰ ১০ খবৰ…

পুৱাৰ ১০ খবৰ…

author-image
asomiyapratidin
New Update
পুৱাৰ ১০ খবৰ…

১. অজয় দেৱগন, চেইফ আলি খান আৰু কাজলে মুখ্য চৰিত্ৰত অভিনয় কৰা হিন্দী ছবি 'তানহাজী'ক আদৰি লৈছে দৰ্শকে। ১৪ দিনৰ অন্তত উপাৰ্জন কৰিছে ১৯৭ কোটি টকা।

Advertisment

২. প্ৰতীকী আন্দোলন নহয়, এতিয়া কৰিব লাগিব কঠোৰ আন্দোলন, অন্যথা বলি হ'ব বিশ্বাসঘাটকতাৰঃ অখিল গগৈ

৩. ভাৰত আহি পালেহি মৃত্যুদূত! চীনৰ মাৰাত্মক কোৰোণা ভাইৰাছত সংক্ৰমিত দুজন ভাৰতীয়।

৪. মৰিগাঁও ডকাইতি কাণ্ড নতুন মোৰ। এটা অবৈধ টকা ব্যৱসায়ৰ সংঘাত আছিল এই সমগ্ৰ ঘটনা ৷গুৱাহাটীৰ ন মাইলত থকা CRPF কেম্পৰ তিনিজন CRPF জোৱানক গ্ৰেপ্তাৰ ।এজন বিষয়া পলাতক।

৫. নৱবিবাহিতা পত্নীৰ সৈতে দ্বিতীয়বাৰ বিবাহপাশত আবদ্ধ হ'ব তাৰকা ফুটবলাৰ দুৰ্গা বড়ো। দীৰ্ঘদিনীয়া প্ৰেমৰ অন্তত প্ৰথমে চকলং প্ৰথাৰে বিবাহ কৰোৱাৰ পিছত অহা ৩০ জানুৱাৰীত বড়ো ৰীতি–নীতিৰে বিবাহ কাৰ্য সম্পন্ন কৰিব দুৰ্গাই।

৬. 'অসমত সৰ্বকালৰ বাবে হ'ব বিজেপি চৰকাৰ, গতিকে এতিয়া টোপনি নাই কংগ্ৰেছ–বাঁওপন্থীৰঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল।

৭. প্ৰথমবাৰলৈ অসম সাহিত্য সভাই প্ৰদান কৰিব পৰাগ কুমাৰ দাস যুৱ সাংবাদিকতা বঁটা।এই বঁটাৰ বাবে ৩ জনকৈ যুৱ সাংবাদিকক নিৰ্বাচন কৰা হৈছে। প্ৰতিদিন টাইমৰ সাংবাদিক বশিষ্ঠ দেৱ ফুকনলৈ আগবঢ়োৱা হৈছে এই বঁটা।

৮. 'অসমৰ ভৱিষ্যতকলৈ কাকো হেতালি খেলিবলৈ দিয়া নহ'ব, বিজেপিৰ যুঁজ আজমলবাহিনীৰ বিৰুদ্ধে'ঃ হিমন্ত বিশ্ব শৰ্মা।

৯. টেট উত্তীৰ্ণ চাকৰি প্ৰাৰ্থীলৈ সুখবৰ। নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ বাবে ৯,৬৩৫ টা পদৰ বাবে বিচৰা হৈছে আবেদন পত্ৰ।

১০. গোৱালপাৰাৰ জলেশ্বৰৰ উৰুচৰ পৰা উভতি যোৱা পথত ৰংজুলিত ৰাষ্ট্ৰীয় ঘাইপথত পুৱা ভয়ানক পথ দুৰ্ঘটনা: দুজন নিহত:আহত ৩০।