‘মিছন মংগল’ৰ প্ৰতি দৰ্শকৰ আকৰ্ষণ বৃদ্ধি! আৰক্ষীয়েও কৰিলে ছ’চিয়েল মিডিয়াত পোষ্ট…

‘মিছন মংগল’ৰ প্ৰতি দৰ্শকৰ আকৰ্ষণ বৃদ্ধি! আৰক্ষীয়েও কৰিলে ছ’চিয়েল মিডিয়াত পোষ্ট…

author-image
asomiyapratidin
New Update
‘মিছন মংগল’ৰ প্ৰতি দৰ্শকৰ আকৰ্ষণ বৃদ্ধি! আৰক্ষীয়েও কৰিলে ছ’চিয়েল মিডিয়াত পোষ্ট…

ডিজিটেল ডেস্কঃ অক্ষয় কুমাৰৰ নতুন ছবি 'মিছন মংগল'ৰ ট্ৰেইলাৰে দৰ্শকক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। ট্ৰেইলাৰটোৰ জোৰদাৰ হোৱাৰ লগতে সকলোকে প্ৰেৰণা যোগাইছে। সমগ্ৰ দেশৰ নাগৰিকে এই ছবিখনৰ ট্ৰেইলাৰটো পছন্দ কৰাৰ লগতে উত্তৰপ্ৰদেশৰ আৰক্ষীৰ ওপৰতো চলিছে এই ছবিখনৰ যাদু।

দৰাচলতে, উত্তৰপ্ৰদেশ আৰক্ষীয়ে 'মিছন মংগল'ত অভিনয় কৰা সকলো অভিনেতা-অভিনেত্ৰীৰ ফটো টুইটাৰত শ্বেয়াৰ কৰি যান-বাহন চলোৱা সময়ত অৱলম্বন কৰিব লগা সুৰক্ষা সন্দৰ্ভত এক বাৰ্তা প্ৰেৰণ কৰিছে। আৰু এই ফটোখনত দেখা পোৱা গৈছে যে- আটাইকেইজন অভিনেতা-অভিনেত্ৰীয়ে পৰিধান কৰিছে হেলমেট।


— UP POLICE (@Uppolice) July 20, 2019

মিছন মংগলৰ টীমটোৰ এই ফটোখন টুইটাৰত শ্বেয়াৰ কৰি উত্তৰপ্ৰদেশআৰক্ষীয়ে লিখিছে যে- 'মিছন মংগলৰ দলটোৱে পথ সুৰক্ষাৰ নিয়ম মহাকাশতো উলংঘা নকৰে। যান-বাহনচলোৱা সময়ত অৱলম্বন কৰিব লগা নিয়ম সমূহ মানিব লাগে। যাতে আপোনাৰ লগতে আনৰো জীৱনসুৰক্ষিত হয়।'