‘মিছন মংগল’ ছুপাৰ হিট, ৮ দিনত উপাৰ্জন…

‘মিছন মংগল’ ছুপাৰ হিট, ৮ দিনত উপাৰ্জন…

author-image
asomiyapratidin
New Update
‘মিছন মংগল’ ছুপাৰ হিট, ৮ দিনত উপাৰ্জন…

ডিজিটেল ডেস্কঃ স্বাধীনতা দিৱসৰ দিনা ছবিঘৰত মুক্তি পোৱা হিন্দীছবি মিছন মংগলে লাভ কৰিছে দৰ্শক সহাঁৰি। বাস্তৱ প্ৰেক্ষাপটৰ ভিত্তিত নিৰ্মাণ কৰা এই ছবিখনে মুক্তিৰ ৮ দিনৰ উপাৰ্জন কৰিছে ১২৮.১৬ কোটি টকা। এসপ্তাহৰ ভিতৰতে ১০০ কোটিৰ ক্লাৱত প্ৰৱেশ কৰা মিছন মংগলে ২০১৯ ৰ উপাৰ্জনৰ দিশত ভাৰত আৰু কবিৰ সিঙৰ পিছতে স্থান পাইছে। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে অক্ষয় কুমাৰ, বিদ্যা বালন, সোনাক্ষী সিনহাৰ লগতে কেইবাগৰাকীও অভিনেতা-অভিনেত্ৰীয়ে। ছবি সমীক্ষকৰ মতে এনে দৰে উপাৰ্জন কৰি থাকিলে অতি সোনকালেই ছবিখনে প্ৰৱেশ কৰিব ২০০ কোটিৰ ক্লাৱত।