বিলাসী হোটেলত থাকি বিল হ’ল ১২ লাখ, পৰিশোধ নকৰাকৈ পলায়ন কৰা ব্যৱসায়ীক বিচাৰি আৰক্ষীৰ অভিযান

বিলাসী হোটেলত থাকি বিল হ’ল ১২ লাখ, পৰিশোধ নকৰাকৈ পলায়ন কৰা ব্যৱসায়ীক বিচাৰি আৰক্ষীৰ অভিযান

author-image
asomiyapratidin
New Update
বিলাসী হোটেলত থাকি বিল হ’ল ১২ লাখ, পৰিশোধ নকৰাকৈ পলায়ন কৰা ব্যৱসায়ীক বিচাৰি আৰক্ষীৰ অভিযান

ডিজিটেল ডেস্কঃ বিলাসী হোটেলৰ বিলাসী কোঠাত প্ৰায় চাৰি মাহ কাল কটাই হোটেলৰ বিল পৰিশোধ নকৰাকৈয়ে পলায়ন কৰা এজন ব্যক্তিৰ সন্ধান বিচাৰি অভিযান আৰম্ভ কৰিছে আৰক্ষীয়ে। জানিব পৰা মতে, হায়দৰাবাৰ বিলাসী হোটেল 'তাজ বানজাৰা'ৰ বিলাসী কোঠাত বিগত প্ৰায় ৪ মাহ কাল থকাৰ পিছত হোটেল কৰ্তৃপক্ষক দিবলগীয়া ১২.৩৪ লাখ টকা পৰিশোধ নকৰাকৈয়ে পলায়ন কৰে এ শংকৰ নাৰায়ণ নামৰ লোকজনে।

নিজকে বিশাখাপট্টনমৰ ব্যৱসায়ী বুলি হোটেল কৰ্তৃপক্ষক জনোৱা লোকজনে বিল পৰিশোধন নকৰাৰ পিছত শনিবাৰে তাজ বানজাৰাই আৰক্ষীৰ কাষ চাপে। হোটেল কৰ্তৃপক্ষৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে প্ৰতাড়না আৰু অপৰাধজনিত বিশ্বাসঘাতৰ গোচৰ ৰুজু কৰি লোকজনৰ সন্ধান বিচাৰি অভিযান আৰম্ভ কৰিছে।

হোটেল কৰ্তৃপক্ষই জনোৱা মতে, যোৱা এপ্ৰিল মাহত তাজ বানজাৰাত বিলাসী ৰুম বুক কৰিছিল এ শংকৰ নাৰায়ণ নামৰ লোকজনে। তাৰ পিছৰ পৰাই হোটেলখনত থকা লোকজনৰ মুঠ বিল হয় ২৫.৯৬ লাখ। ইয়াৰে ১৩.২৬ লাখ টকা তেওঁ পৰিশোধ কৰে যদিও বাকীখিনি ধন পৰিশোধ নকৰাকৈয়েও গোপনে হোটেলৰ পৰা পলায়ন কৰে।

ইয়াৰ পিছত হোটেল তাজ বানাজাৰা কৰ্তৃপক্ষই লোকজনলৈ ফোন কৰাত লোকজনে বাকীখিনি বিল পৰিশোধ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। কিন্তু পিছত লোকজনে ফোন চুইটছ অফ কৰাত উপায় নাপায় হোটেল কৰ্তৃপক্ষই ব্যক্তিজনৰ বিৰুদ্ধে অভিযোগ দাখিল কৰে।