নতুন ছবিৰ শ্বুটিঙৰ মাজতে পানীত ডুবি মৃত্যু জনপ্ৰিয় মালয়ালী অভিনেতা অনিল নেডুমংগডুৰ…

নতুন ছবিৰ শ্বুটিঙৰ মাজতে পানীত ডুবি মৃত্যু জনপ্ৰিয় মালয়ালী অভিনেতা অনিল নেডুমংগডুৰ…

author-image
asomiyapratidin
New Update
নতুন ছবিৰ শ্বুটিঙৰ মাজতে পানীত ডুবি মৃত্যু জনপ্ৰিয় মালয়ালী অভিনেতা অনিল নেডুমংগডুৰ…

ডিজিটেল ডেস্কঃশুকুৰবাৰে বিয়লি মালংকাৰা বান্ধৰ কাষত গা ধুবলৈ গৈ পানীত ডুবি মৃত্যু হয় জনপ্ৰিয় মালয়ালী অভিনেতা অনিল নেডুমংগডুৱে। আৰক্ষী সুত্ৰৰ পৰা এই কথা জানিবলৈ পোৱা গৈছে। "অয়্যপানুম কৌশিয়ম" ছবিত আৰক্ষীৰ ভূমিকা ৰূপায়ন কৰা অভিনেতা জনৰ দুৰ্দান্ত অভিনয়ে তেওঁৰ পৰিচয় গঢ়িছিল।

উল্লেখ্য যে, নতুন ছবি 'পীছ' ৰ শ্বুটিঙৰ কামত ব্যস্ত আছিল অভিনেতাজন। শ্বুটিঙৰ মাজৰ অৱসৰৰ সময়তে তেওঁ বন্ধুৰ লগত গা ধুবলৈ গৈ সংঘটিত হয় এই ঘটনা। অভিনেতাজনৰ মৃত্যুত শোক প্ৰকাশ কৰি ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পিনৰাই বিজয়নে কয় যে, দুদান্ত অভিনয়েৰে মালয়ালী ছবিজগতত নিজৰ বাবে সুকীয়া ঠাই দখল কৰিছিল অভিনেতাজনে। দশৰ্কৰ মনতো তেওঁ সদায় এক বিশেষ স্থান অধিকাৰ কৰি থাকিব বুলি মন্তব্য কৰে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী জনে।