Advertisment

বহু সুন্দৰীৰ ‘সপোনৰ ৰজা’ আছিল এইজন অভিনেতা

অতুলনীয় ব্যক্তিত্ব তথা শক্তিশালী অভিনয়েৰে প্ৰতিজন অনুৰাগীৰ মনত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে বলীউডৰ ‘হেণ্ডচাম হাংক’ ছাহিদ কাপুৰে।

author-image
Asomiya Pratidin
New Update
বহু সুন্দৰীৰ ‘সপোনৰ ৰজা’ আছিল এইজন অভিনেতা

ডিজিটেল ডেস্ক: অতুলনীয় ব্যক্তিত্ব তথা শক্তিশালী অভিনয়েৰে প্ৰতিজন অনুৰাগীৰ মনত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে বলীউডৰ ‘হেণ্ডচাম হাংক’ ছাহিদ কাপুৰে।এই অভিনেতাজনৰ একশ্যনৰ পৰা কমেডী, থ্ৰিলাৰ তথা ৰোমাঞ্চ আদি সকলো ষ্টাইলেই উপভোগ কৰিছে অনুৰাগীসকলে।পিছে কেৱল ‘অনস্ক্ৰীণ’ই নহয় শ্বাহিদৰ ‘অফস্ক্ৰীণ’তো হৃদয় জয় কৰাৰ দক্ষতা আছে। হয়, বিবাহৰ পূৰ্বে বহু গৰাকী বলীউডী অভিনেত্ৰীৰ নয়নৰ মণি আছিল ছাহিদ কাপুৰ। প্ৰেমৰ সম্পৰ্কৰ বাবে তেওঁ সদায়েই বাতৰিৰ শিৰোনাম দখল কৰিবলৈ সক্ষম হৈছিল। তেওঁৰ এই সম্পৰ্ক সমূহৰ বিষয়ে আপুনি জ্ঞাত নে ? যদি নহয়, কোন সুন্দৰীৰ লগত শ্বাহিদৰ সম্পৰ্ক চৰ্চাত আছিল, সেয়া সকলো তলত উল্লেখ কৰা হৈছে -

Advertisment

অমৃতা ৰাও 

শ্বাহিদ কাপুৰৰ নাম অভিনেত্ৰী অমৃতা ৰাওৰ সৈতে জড়িত আছিল। তেওঁলোক দুয়োজনে ইশ্ক বিশ্ক ছবিত একেলগে কাম কৰিছিল। এই সময়ছোৱাতে তেওঁলোক দুয়োৰে প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠিছিল। এই দুয়োগৰাকী তাৰকাই বিবাহ ছবিতো একেলগে অভিনয় কৰিছে।পিছে বহু চৰ্চিত এই সম্পৰ্ক বেছিদিন নাথাকিল।

কৰীণা কাপুৰ 

শ্বাহিদ আৰু কৰীণা কাপুৰ দুয়োজনে ইজনে সিজনক দীৰ্ঘদিন ধৰি ডেট কৰিছিল। তেওঁলোক দুয়োজনে অনুৰাগীৰ সন্মুখত তেওঁলোকৰ প্ৰেম ৰাজহুৱা কৰি বিয়াত বহাৰো সিদ্ধান্ত লৈছিল। কিন্তু অনুৰাগীক কাৰণ নজনোৱাকৈ তেওঁলোক দুয়ো পৃথক হৈ পৰিছিল।

ঋষিতা ভট্ট 

অভিনেত্ৰী ঋষিতা ভট্টৰ লগতো প্ৰেমৰ সম্পৰ্ক আছিল শ্বাহিদ কাপুৰৰ। তেওঁলোক দুয়োজনে এটা মিউজিক ভিডিঅ' আনখোন মে তেৰা হি চেহৰেত কাম কৰিছিল আৰু এই সময়ছোৱাত দুয়োজনে ইজনে সিজনক ডেট কৰা আৰম্ভ কৰিছিল কিন্তু কেইদিনমানৰ ভিতৰতে তেওঁলোকৰ সম্পৰ্ক ভাঙি গৈছিল। 

প্ৰিয়ংকা চোপ্ৰা 

কৰীণা কাপুৰৰ সৈতে বিচ্ছেদৰ পিছত শ্বাহিদ বহুত হতাশাগ্ৰস্ত আছিল। এই সময়ছোৱাতে প্ৰিয়ংকা চোপ্ৰাৰ সৈতে তেওঁৰ সম্পৰ্ক চলিছিল। তেওঁলোক দুয়োজনে কামিনে চলচ্চিত্ৰত একেলগে কাম কৰিছিল, যাৰ পিছত প্ৰিয়ংকা আৰু শ্বাহিদে ইজনে সিজনক ডেট কৰা আৰম্ভ কৰিছিল। কিন্তু পিছত দুয়োৰে বিচ্ছেদ হৈছিল। 

বিদ্যা বালান 

শ্বাহিদ কাপুৰৰ নাম অভিনেত্ৰী বিদ্যা বালানৰ সৈতেও জড়িত হৈ আছে। ২০০৮ চনৰ কিছমত কানেকছন ছবিৰ সময়তে তেওঁলোক দুয়ো প্ৰেমত পৰিছিল। 

সোনাক্ষী সিনহা 

শ্বাহিদৰ অভিনেত্ৰী সোনাক্ষী সিনহাৰ সৈতেও সম্পৰ্ক আছিল।শ্বাহিদে সোণাক্ষী তাইৰ জন্মদিন উদযাপন কৰিবলৈ দীঘলীয়া ড্ৰাইভত লৈ গৈছিল। কিন্তু দুয়োৰে মাজৰ সম্পৰ্ক বেছি দিন স্থায়ী নহ'ল।

ছানিয়া মিৰ্জা 

টেনিছ খেলুৱৈ ছানিয়া মিৰ্জাও প্ৰেমত পৰিছিল শ্বাহিদ কাপুৰৰ। তেওঁলোক দুয়োৰে প্ৰেমকাহিনী ২০০৮ চনত আৰম্ভ হৈছিল আৰু একে বছৰতে সমাপ্ত হৈছিল।