/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/07/60192893.jpg)
ডিজিটেল ডেস্কঃ ৫ জুলাইত মুক্তি পাব প্ৰেম, প্ৰতিশোধৰ মৰ্মস্পৰ্শী কাহিনীৰ ছবি 'মলাল'। সঞ্জয় লীলা ভাঞ্চালী, ভূষণ কুমাৰ, কৃষ্ণ কুমাৰ, মহাবীৰ জৈনে প্ৰযোজনা কৰা ছবিখনৰ পৰিচালনাৰে বলীউডত আত্মপ্ৰকাশ ঘটাব মংগেশ হডাবলেয়ে। ২০০৪ চনত তামিল ভাষাত মুক্তি লাভ কৰা চুপাৰহিট ছবি '৭জি ৰেনৱ' কল'নী'ৰ ৰিমেক 'মলাল।' ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে বলীউডৰ যশস্বী অভিনেতা জাবেদ জাফৰীৰ পুত্ৰ মিজান জাফৰী আৰু সঞ্জয় লীলা ভাঞ্চালীৰ ভাগিনী শৰমিন চহগলে।
/https://media.assettype.com/asomiyapratidin/import/hansindia-bucket/h-upload/feeds/2019/06/17/186327-sharmin-segal-2.jpg)
ছবিখনৰ মুক্তিলাভৰ পূৰ্বেই বিশেষ চৰ্চিত হৈছে অভিনেত্ৰী শৰমিন চহগল। প্ৰথমবাৰৰ বাবে ছবিৰ পৰ্দাত ভুমুকি মাৰিবলৈ সাজু হোৱা শৰমিন সঞ্জয় লীলা ভাঞ্চালীৰ দৰে এগৰাকী প্ৰখ্যাত ছবি নিৰ্মাতাৰ ভাগিনী বাবেই যে চৰ্চা লাভ কৰিছে তেনে নহয়, শৰমিনৰ দৈহিক অবয়ব আৰু অভিনয়ৰ পূৰ্বে তেওঁ কৰা কষ্ট আৰু সাধনাৰ বাবেহে এতিয়া বিশেষভাৱে চৰ্চিত হৈছে। উল্লেখ্য যে, শৰমিন চহগলৰ মাতৃ বেলা চহগলো এগৰাকী ছবি নিৰ্মাতা।
/https://media.assettype.com/asomiyapratidin/import/images/w_1920,h_1080/x_1,y_130,w_1454,h_820,c_crop,f_auto,q_auto,e_sharpen/h_541/v1558346107346/im/lc/1291616/sharmin-segal-in-official-trailer-malaal-2019.jpg)
ছবিজগতৰ সৈতে জড়িত এটা পৰিয়ালত জন্মলাভ কৰিও শৰমিন চহগলে শৈশৱত কেতিয়া অভিনয় কৰাৰ কথা ভৱা নাছিল। তেওঁৰ চিকিৎসক হোৱাৰ ইচ্ছা মনত পুহি ৰাখি তাৰ বাবে দ্বাদশ উত্তীৰ্ণৰ পিছত প্ৰস্তুতিও চলাইছিল। তেওঁৰ শাৰিৰীক অবয়বৰ বাবে তেওঁৰ পৰিয়ালেও কেতিয়াও ভৱা নাছিল যে শৰমিনে অভিনয় কৰিব পাৰিব। দ্বাদশ শ্ৰেণীত পঢ়ি থাকোতে শৰমিনে প্ৰথমবাৰৰ বাবে এখন মঞ্চ নাটকত অভিনয় কৰে।
/https://media.assettype.com/asomiyapratidin/import/rf/image_size_960x540/HT/p2/2019/05/18/Pictures/_bbf451d0-7978-11e9-9073-657a85982e73.jpeg)
'মই যেতিয়া প্ৰথম মঞ্চত উঠিছিলো, তেতিয়া লক্ষ্য কৰিছিলো মঞ্চৰ সন্মুখত কেইজন যুৱকে মোৰ দৈহিক অবয়বলৈ চাই ৰগৰ কৰি আছিল। সেই সময়ত মই যথেষ্ট শকত আছিলো। কিন্তু মই তেওঁলোকৰ সেই হাঁহি চাই মনতে ভাবি লৈছিলো যে মই অভিনয় কৰিম। যেনেকৈয়ে নহওক, মই অভিনেত্ৰী হ'মেই।' – জীৱনৰ প্ৰথম অভিনয়ৰ অভিজ্ঞতাৰ বিষয়ে এক সাক্ষাৎকাৰত এনেদৰে ব্যক্ত কৰিছিল শৰমিনে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/sites/default/files/styles/full/public/2019/05/22/826869-meezaan-sharminsegal-052319.jpg)
অভিনয় কৰাৰ সিদ্ধান্ত লৈ তেওঁ এই বিষয়ে মাতৃ বেলা চহগলক জনাইছিল। শৰমিনৰ মুখত অভিনয়ৰ কথা শুনি মাতৃয়ে আচৰিত হৈ কৈছিল- 'কেতিয়াবা তই চেহেৰাটোলৈ লক্ষ্য কৰিছনে? এয়া অভিনয় কৰিব পৰা চেহেৰা হয় জানো?' শৰমিন চহগলে পৰৱৰ্তী সময়ত মাতৃৰ পৰামৰ্শমতে নিজৰ ওজন হ্ৰাস কৰাৰ ওপৰত গুৰুত্ব দিয়ে আৰু যথেষ্ট কষ্ট কৰিবলৈ লয়।
/https://media.assettype.com/asomiyapratidin/import/cmd/resize/400x400_60/fetchdata13/images/82/18/8f/82188f3781f7aab82362192634bdf6fc.jpg)
সঞ্জয় লীলা ভাঞ্চালীৰ ছবি 'বাজীগৰ মস্তানী'ত সঞ্জয় লীলা ভাঞ্চালীৰ সহকাৰী হিচাপে কাম কৰিবলৈ লয় শৰমিনে। সেই সময়তে মামাক সঞ্জয় লীলা ভাঞ্চালীৰ পৰা অভিনয়ৰ অ আ ক খ শিকে। শৰমিনে প্ৰিয়ংকা চোপ্ৰাক নিজৰ আইডল হিচাপে মানে। তেওঁৰ মতে প্ৰিয়ংকা চোপ্ৰাই অভিনয়ৰ বহু নজনা কথাই শিকাইছে শৰমিনক।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/sites/default/files/2019/06/24/798549-sharmin.jpg)
৫ জুলাইত মুক্তি পাবলগীয়া 'মলাল' ছবিখনক লৈ যথেষ্ট আশাবাদী শৰমিনৰ লগতে মামা সঞ্জয় লীলা ভাঞ্চালীও। 'মলাল' শব্দৰ অৰ্থ হৈছে অনুশোচনা। ছবিখনৰ মাজেৰে দুটা ভিন্ন সম্প্ৰদায়ৰ এহাল যুৱক-যুৱতীৰ প্ৰেম আৰু তাৰ পৰণতি প্ৰকাশ পাইছে। ছবিখনত শৰমিনে যিটো চৰিত্ৰত অভিনয় কৰিছে, সেই চৰিত্ৰটোৰ সৈতে খাপ খোৱাবলৈ অভিনেত্ৰীগৰাকীয়ে যথেষ্ট কষ্ট কৰিবলগা হৈছিল বুলি জনায় শেহতীয়া এক সাক্ষাৎকাৰত।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us