ব্যক্তিগত লাভৰ বাবে নহয়, সৰ্বসাধাৰণৰ লাভৰ বাবে হোটেল খুলিছে অৰিজিৎ সিঙে...

ব্যক্তিগত লাভৰ বাবে নহয়, সৰ্বসাধাৰণৰ লাভৰ বাবে হোটেল খুলিছে অৰিজিৎ সিঙে...
ব্যক্তিগত লাভৰ বাবে নহয়, সৰ্বসাধাৰণৰ লাভৰ বাবে হোটেল খুলিছে অৰিজিৎ সিঙে...

ডিজিটেল ডেস্কঃ নিজৰ শ্ৰুতিমধুৰ কণ্ঠৰে দেশৰ লগতে বিদেশৰো কোটি কোটি সংগীত অনুৰাগীৰ হৃদয় জয় কৰিবলৈ সক্ষম হোৱা বলিউডৰ আজিৰ সময়ৰ শ্ৰেষ্ঠ সংগীত শিল্পী অৰিজিৎ সিঙৰ মহানুভৱতা। ব্যক্তিগত লাভৰ বাবে নহয়, বৰঞ্চ দৰিদ্ৰৰ লাভৰ বাবে তেওঁ এইবাৰ হাত দিলে হোটেল ব্যৱসায়ত।

ঠিক ব্যৱসায় নহয় যেন সমাজ সেৱাহে। বলিউডৰ তাৰকাসকলৰ ব্যৱসায় কোনো নতুন কথা নহয়। মিঠুন চক্ৰৱৰ্তীৰ পৰা আৰম্ভ কৰি সুনীল চেট্টীলৈ সকলোৰে আছে হোটেলৰ ব্যৱসায়। ক্ৰিকেট জগতৰো বহু কেইজন তাৰকা ক্ৰিকেটাৰৰ আছে নিজা ব্যৱসায়।

শেহতীয়াকৈ মুম্বাইৰ এটা অতি চহকী অঞ্চলত এখন বিলাসী ৰেষ্টুৰেণ্টখুলী এই ব্যৱসায়ৰ পাটনি মেলিছে ক্ৰিকেট তাৰকা বিৰাট কোহলিয়েও। কিন্তু এই তাৰকাসকলতকৈ যেন বহু পৃথক অৰিজিৎ সিং।

তাৰকা হৈও অতি সাধাৰণ আৰু সহজ, সৰল জীৱনৰ অধিকাৰী আৰু বিনম্ৰতাৰ গৰাকী অৰিজিৎ সিঙে সাধাৰণ মানুহৰ সুবিধা হোৱাকৈ খুলিছে এখন বিশেষ হোটেল। জনপ্ৰিয়তাৰ উচ্চ শিখৰত আৰোহণ কৰাৰ পাছতো তেওঁ আজিও বাস কৰি আহিছে বংগৰ মুৰ্ছিদাবাদৰ জিয়াগঞ্জৰ পৈতৃক বাসগৃহত।

তাতেই এখন বিদ্যালয়ত নামভৰ্তি কৰি দিছে নিজৰ দুই সন্তানক। প্ৰায়ে তেওঁ অতি সাধাৰণ ভাৱে আন আন পিতৃৰ দৰেই নিজেই দুই সন্তানক স্কুলৰ পৰা অনা নিয়া কৰি অহা দৃশ্যবোৰ সামাজিক মাধ্যমত তেনেই সুলভ।

সেই মুৰ্ছিদাবাদৰ জিয়াগঞ্জতেই অৰজিৎ সিঙে খুলিছে এখন হোটেল। হাতত ধনৰ অভাৱ হ'লে, এখন ভাল ৰেষ্টুৰেণ্টলৈ গৈ পেট ভৰাই খোৱাৰ কথা ভাবিলে এই হোটেলখনলৈ যাব পাৰে।

পুৱাৰ পৰা নিশালৈ যেতিয়াই মন যায় তেতিয়াই গৈ উদৰ পুৰাই খাই আহিব পাৰিব ভোকৰ ভাত কেইটা। মন গলে খাব পাৰিব মাছ, মাংস, কণীৰ আমিষ খাদ্য অথবা নিৰামিষ খাদ্য।

ইয়াৰ বাবে আপুনি পৰিশোধ কৰিব লাগিব নাম মাত্ৰ ধন। সকলোৰে সুবিধা হোৱাকৈ অৰিজিৎ সিঙে খোলা এই হোটেলখনত নিৰামিষ আহাৰৰ মূল্য মাত্ৰ ৪০ টকা। আনহাতে ৪০ টকাৰ পৰা ১৫০ টকাৰ ভিতৰত আপুনি খাব পাৰিব আমিষ খাদ্য। অৰিজিৎ সিঙে তেওঁৰ এই হোটেলখনৰ নাম ৰাখিছে 'হেশেল'।   

ব্যক্তিগত লাভৰ বাবে নহয়, সৰ্বসাধাৰণৰ লাভৰ বাবে হোটেল খুলিছে অৰিজিৎ সিঙে...
পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ বাসগৃহ ঘেৰাও আৰক্ষীৰ, লুকাই আছে ৪০ জন উগ্ৰপন্থী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in