খঙত অগ্নিশৰ্মা ‘ৰামায়ন’ৰ পৰিচালক, দৃশ্যগ্ৰহণত নিষিদ্ধ কৰিলে ম’বাইল

মুক্তিৰ পূৰ্বেই সীমাহীন চৰ্চা লাভ কৰা ছবি ৰামায়নৰ দৃশ্যগ্ৰহণৰ ফটো এতিয়া চৌদিশে ভাইৰেল হৈ পৰিছে।যাৰ বাবে ছবিখনৰ দৃশ্যগ্ৰহণৰ সময়ত সকলোকে ম'বাইল ব্যৱহাৰত বাধা আৰোপ কৰিছে পৰিচালক-প্ৰযোজকে।

author-image
Asomiya Pratidin
New Update
খঙত অগ্নিশৰ্মা ‘ৰামায়ন’ৰ পৰিচালক, দৃশ্যগ্ৰহণত নিষিদ্ধ কৰিলে ম’বাইল

ডিজিটেল ডেস্ক: মুক্তিৰ পূৰ্বেই সীমাহীন চৰ্চা লাভ কৰা ছবি 'ৰামায়ন'ৰ দৃশ্যগ্ৰহণৰ ফটো  এতিয়া চৌদিশে ভাইৰেল হৈ পৰিছে।যাৰ বাবে ছবিখনৰ দৃশ্যগ্ৰহণৰ সময়ত সকলোকে ম'বাইল ব্যৱহাৰত বাধা আৰোপ কৰিছে পৰিচালক-প্ৰযোজকে।

Advertisment

প্ৰকৃততে, নিতেশ তিৱাৰীৰ দ্বাৰা পৰিচালিত 'ৰামায়ন'ত লাৰা দত্তই কৈকেয়ীৰ চৰিত্ৰত অভিনয় কৰিছে আৰু কৈকেয়ীৰূপী লাৰাৰ ফটোয়েই এতিয়া ছ’চিয়েল মেডিয়াত ভাইৰেল হৈছে।বেঙুনীয়া শাৰী আৰু সোণালী ৰঙৰ গহনা পিন্ধা লাৰাক ৰাম, লক্ষ্মণ আৰু ভাৰতৰ সৈতে কথা পাতি থকা দেখা গৈছে।ইয়াৰ পাছতেই এই ফটো কিদৰে ভাইৰেল হ’ল, তাকে লৈ অগ্নিশৰ্মা হৈ পৰিছে ‘ৰামায়ন’ৰ পৰিচালক-প্ৰযোজক।উপায়ন্ত হৈ এতিয়া ছবিখনৰ দৃশ্যগ্ৰহণস্থলীত ম’বাইল ব্যৱহাৰত সকলোকে বাধা আৰোপ কৰে নিৰ্মাতাসকলে।

উল্লেখ্য যে, 'ৰামায়ন'ত ৰামৰ চৰিত্ৰত অভিনয় কৰিছে ৰণবীৰ কাপুৰে আৰু সীতাৰ চৰিত্ৰত দৰ্শকে দেখিবলৈ পাব ছাই পল্লৱীক। হনুমানৰ চৰিত্ৰত অভিনয় কৰিব ছানী দেউলে।ইপিনে, ববী দেউলে ৰাৱণৰ সৰু ভায়েক কুম্ভকৰ্ণৰ চৰিত্ৰত অভিনয় কৰিব।আগন্তুক বৰ্ষৰ প্ৰথমতেই ‘ৰামায়ন’ ছবিগূহলৈ আহিব।

Also Read: ছলমান খানেই নহয়, সঞ্জয় দত্তও বলীয়া হৈছিল ঐশ্বৰ্য ৰয়ৰ প্ৰেমত