প্ৰভাসৰ সৈতে সম্পৰ্ক : 'এইটো এটা গোপন কথা...'

প্ৰভাসৰ সৈতে সম্পৰ্ক : 'এইটো এটা গোপন কথা...'

ডিজিটেল ডেস্ক : শক্তিশালী অভিনয় তথা অতুলনীয় সৌন্দৰ্য্যৰে অনুৰাগীসকলৰ হৃদয়ত এক বিশেষ স্থান দখল কৰিছে বলীউডৰ অন্যতম জনপ্ৰিয় অভিনেত্ৰী কৃতি ছেননে।এইগৰাকী মোহময়ী অভিনেত্ৰী ছছিয়েল মেডিয়াতো অতি সক্ৰিয়। ছছিয়েল মেডিয়াৰ জৰিয়তে তেওঁ জীৱনৰ সৈতে সম্পৰ্কিত কথা-বতৰাসমূহ অনুৰাগীৰ সৈতে ভাগ বতৰা কৰি থাকে। শেহতীয়াকৈ কৃতিয়ে তেওঁৰ ইনষ্টাগ্ৰামত অনুৰাগীসকলৰ সৈতে তেওঁৰ জীৱনৰ সৈতে সম্পৰ্কিত বহুতো গোপন কথা ভাগ বতৰা কৰিছে।ইয়াৰ পাছতে কৃতিয়ে চৌদিশে লাভ কৰিছে সীমাহীন চৰ্চা।

অনুৰাগীসকলেও তেওঁক বহুতো প্ৰশ্ন সুধিছিল, যিসমূহৰ উত্তৰ কৃতিয়ে অতি আগ্ৰহৰে দিছিল। অভিনেত্ৰীগৰাকীৰ সৌন্দৰ্য পৰামৰ্শৰ পৰা আহিবলগীয়া ছবিলৈকে অনুৰাগীসকলে তেওঁক বহুতো প্ৰশ্ন সুধিছিল। কিন্তু আটাইতকৈ বেছি প্ৰশ্ন তেওঁৰ ব্যক্তিগত জীৱনৰ ওপৰত সোধা হৈছিল।অধিকাংশই কৃতিৰ প্ৰেমিকৰ নাম জানিবলৈ আগ্ৰহ দেখুৱাইছিল।

অনুৰাগীসকলে সুধিছিল আপোনাৰ প্ৰেমিকৰ নাম কি ? এই প্ৰশ্নৰ উত্তৰ দি অভিনেত্ৰীগৰাকীয়ে এটা ভিডিঅ' শ্বেয়াৰ কৰি কয়, 'এয়া মোৰ বাবেও এক গোপন কথা। উত্তৰ দিয়াৰ পিছত, কৃতিয়ে নিজেই জোৰেৰে হাঁহিবলৈ ধৰিলে। ' 

উল্লেখ্য যে, কৃতি ছেনন আৰু দক্ষিণৰ চুপাৰষ্টাৰ প্ৰভাসৰ মাজত আৰম্ভ হৈছে প্ৰেমৰ সম্পৰ্ক। এই সন্দৰ্ভত দুয়োজনেই বৰ্তমানলৈ মুখ খোলা নাই যদিও এই সম্পৰ্কৰ বিষয়ে বেছিকৈ পোহৰলৈ আহিছিল কৃতিৰ 'ভেদিয়া' শীৰ্ষক ছবিখনৰ মুক্তিৰ সময়ত।এই ছবিখনৰ প্ৰচাৰৰ সময়ত বৰুণ ধাৱানে ধেমেলীয়াকৈ কৃতিৰ সৈতে প্ৰভাসৰ নাম সংযোগ কৰিছিল।তাৰ পাছতেই অনুৰাগীসকলৰ মাজতো এই সম্পৰ্কক লৈ যথেষ্ট গুজৱ উঠা আৰম্ভ হৈছিল।

 কৃতিক অতি শীঘ্ৰেই 'অদীপুৰুষ' শীৰ্ষক ছবিখনত প্ৰভাসৰ বিপৰীতে দৰ্শকে দেখিবলৈ পাব।শেহতীয়াকৈ তেওঁ বহুচৰ্চিত ছবি 'শ্বাহজাদা'য়েও মুক্তি লাভ কৰিলে।এই ছবিখনত কৃতিৰ বিপৰীতে অভিনয় কৰিছে কাৰ্তিক আৰ্যনে।

প্ৰভাসৰ সৈতে সম্পৰ্ক : 'এইটো এটা গোপন কথা...'
ডেটিঙলৈ যাওঁতে খোৱাৰ বিল দিয়া ল’ৰাবোৰ পছন্দ কৰে ন’ৰাই

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in