কৃতিৰ বিয়ালৈ নাহে কোনো বলীউডী তাৰকা

বলীউডত এতিয়া বিয়াৰ বতৰ। হয়, আৰবাজ খান আৰু ৰাকুল প্ৰীতৰ পাছত এইবাৰ বিবাহ পাশত আবদ্ধ হ’বলৈ ওলাইছে বৰ্তমান সময়ৰ অন্যতম জনপ্ৰিয় অভিনেত্ৰী কৃতি খাৰবান্দা।ছ’চিয়েল মেডিয়াত কৃতিৰ বিয়াৰ নিমন্ত্ৰণী পত্ৰখন ভাইৰেল হোৱাৰ পাছতে এই বিয়াখন চৰ্চালৈ আহিছে।

author-image
Asomiya Pratidin
New Update
কৃতিৰ বিয়ালৈ নাহে কোনো বলীউডী তাৰকা

ডিজিটেল ডেস্ক : বলীউডত এতিয়া বিয়াৰ বতৰ। হয়, আৰবাজ খান আৰু ৰাকুল প্ৰীতৰ পাছত এইবাৰ বিবাহ পাশত আবদ্ধ হ’বলৈ ওলাইছে বৰ্তমান সময়ৰ অন্যতম জনপ্ৰিয় অভিনেত্ৰী কৃতি খাৰবান্দা।ছ’চিয়েল মেডিয়াত কৃতিৰ বিয়াৰ নিমন্ত্ৰণী পত্ৰখন ভাইৰেল হোৱাৰ পাছতে এই বিয়াখন চৰ্চালৈ আহিছে।

Advertisment

পিছে কৃতিৰ দৰা কোন জানেনে ? তেওঁৰ নাম পুলকিত সম্ৰাট। পুলকিত সম্ৰাটো এজন অভিনেতা। পুলকিত আৰু কৃতি দীৰ্ঘদিনৰ পৰাই সম্পৰ্কত আছে।নিমন্ত্ৰণী পত্ৰত প্ৰকাশ পোৱা মতে, পুলকিত আৰু কৃতি ১৫ মাৰ্চত বিবাহ পাশত আৱদ্ধ হ'ব। তেওঁলোকৰ বিবাহৰ অনুষ্ঠানসমূহ কাইলৈৰ পৰা আৰম্ভ হ’ব।আনহাতে, দিল্লীত অনুষ্ঠিত হ'ব কৃতি-পুলকিতৰ বিবাহৰ অনুষ্ঠান ।

পুলকিত আৰু কৃতিৰ বিয়া অতি সাধাৰণভাৱে অনুষ্ঠিত হ'ব।তেওঁলোকৰ বিয়াত বলীউডৰ তাৰকাসকলক দেখা নাযাব। উল্লেখ্য যে, পুলকিত আৰু কৃতিৰ প্ৰেমকাহিনী পাগলপান্তি ছবিখনৰ দৃশ্যগ্ৰহণৰ পৰা আৰম্ভ হৈছিল। এই ছবিখনৰ প্ৰচাৰৰ সময়ত অভিনেত্ৰীগৰাকীয়ে তেওঁলোকৰ সম্পৰ্কৰ বিষয়ে ৰাজহুৱা কৰিছিল।

Also Read: ছলমান খানেই নহয়, সঞ্জয় দত্তও বলীয়া হৈছিল ঐশ্বৰ্য ৰয়ৰ প্ৰেমত