/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/09/billl.jpg)
ডিজিটেল ডেস্কঃ বিলাসী হোটেলত সামগ্ৰীৰ দামৰ বিষয়ে নতুনকৈ কোৱা হয়তো প্ৰয়োজন নাই। কিছুদিনৰ পূৰ্বে দুখন বিলাসী হোটেলৰ ২ টা কাণ্ডই সংবাদমাধ্যমৰ শিৰোনামো দখল কৰিছিল। ২ টা কল আৰু দুটা কণীৰ বাবদ মুম্বাইৰ ২ খন বিলাসী হোটেলে গ্ৰাহকৰ পৰা আদায় কৰিছিল প্ৰয়োজনতকৈ অধিক ধন।
শেহতীয়াকৈ বলিউদৰ এগৰাকী অভিনেতাৰ ক্ষেত্ৰত সংঘটিত হৈছে এনে অনুৰূপ ঘটনা। অভিনেতাজন হৈছে বিখ্যাত কমেডিয়ান কীকু শাৰদা। কিছুদিনৰ পূৰ্বে বিদেশৰ ভ্ৰমণৰ বাবে অভিনেতাজন পৰিয়ালৰ সৈতে গৈছিল মানদ্বীপ-মৰিছাছ আৰু ইণ্ডোনেছিয়ালৈ। এই ভ্ৰমণ কালতে অভিনেতাগৰাকীয়ে এখন হোটেলত খাইছিল একাপ চাহ আৰু একাপ কফি।
My bill for 1 cappuccino and 1 tea is 78,650/- ,,,,,,, but I am not complaining 😜 as I am in Bali , Indonesia and this amount in their currency converts to ₹ 400/- in Indian currency #mehengaayeepic.twitter.com/rB6U6YgVnN
— kiku sharda 🇮🇳 (@kikusharda) September 3, 2019
এই চাহ, কফিতে হোটেলখনে অভিনেতাজনৰ হাতত দিলে ৭৮,৬৫০ টকাৰ বিল। বিল দেখি হতবাক হল অভিনেতাজন। কিন্তু খন্তেক পিছতে হোটেলৰ এজন কৰ্মচাৰীৰ পৰা জানিব পাৰিলে যে এই ধন ভাৰতীয় টকাৰ তুলনাত হব প্ৰায় ৪০০ টকা। এই ঘটনাৰ পাছতে অভিনেতাগৰাকীয়ে হোটেলৰ বিলখনৰ সৈতে মনৰ কথা ব্যক্ত কৰিছে টুইটাৰত।