কিয়াৰাই কান্দিলে বেয়া পায় সিদ্ধাৰ্থই

শেহতীয়াকৈ সিদ্ধাৰ্থই কিয়াৰাক উদ্দ্যেশি কৰা এক মন্তব্যৰ পাছতে পুনৰ অনুৰাগীৰ মাজত চৰ্চা আৰম্ভ হৈছে। হয়, শেহতীয়া এটা সাক্ষাৎকাৰত সিদ্ধাৰ্থক তেওঁ কিয়াৰাৰ কি ভাল নাপায় বুলি প্ৰশ্ন সোধা হৈছিল।

author-image
asomiyapratidin
New Update
কিয়াৰাই কান্দিলে বেয়া পায় সিদ্ধাৰ্থই

ডিজিটেল ডেস্ক: বিগত কেইদিনমানৰ পৰাই খুবেই চৰ্চাত আছে বলীউডৰ এক অন্যতম জনপ্ৰিয় যুটি সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানী।তেওঁলোকৰ বিয়াৰ খবৰৰ বাবেই হওঁক অথবা দুয়োজনে কেতিয়াও আনুষ্ঠানিকভাৱে তেওঁলোকৰ সম্পৰ্কৰ কথা প্ৰকাশ নকৰাৰ বাবেই হওঁক, প্ৰায় সকলো সময়তে বাতিৰৰ শিৰোনাম দখল কৰি আহিছে এই দুই তাৰকাই।

শেহতীয়াকৈ সিদ্ধাৰ্থই কিয়াৰাক উদ্দ্যেশি কৰা এক মন্তব্যৰ পাছতে পুনৰ অনুৰাগীৰ মাজত চৰ্চা আৰম্ভ হৈছে। হয়, শেহতীয়া এটা সাক্ষাৎকাৰত সিদ্ধাৰ্থক তেওঁ কিয়াৰাৰ কি ভাল নাপায় বুলি প্ৰশ্ন সোধা হৈছিল।অভিনেতাজনে ইয়াৰ উত্তৰত কৈছিল, ‘তাই কান্দি থকা সকলো চৰিত্ৰই মই বেয়া পাওঁ।’খুব কম কথা কোৱা অভিনেতাজনৰ এই মন্তব্যৰ আঁৰৰ কথা অৱশ্যে সকলোয়ে বুজি উঠিছে।সিদ্ধাৰ্থে তেওঁৰ শেহতীয়া মুক্তিপ্ৰাপ্ত ছবি ‘মিছন মজনু’ৰ এক প্ৰচাৰমূলক সাক্ষাৎকাৰত এই মন্তব্য কৰিছিল।

উল্লেখ্য যে, কিয়াৰা আৰু সিদ্ধাৰ্থে ২০২০ চনত মুক্তিপ্ৰাপ্ত অন্যতম সফল ছবি ‘শ্বেৰশ্বাহ’ত একেলগে অভিনয় কৰিছিল। এই ছবিখনৰ পৰাই দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিছিল। আনহাতে, অতুলনীয় সৌন্দৰ্য তথা ব্যক্তিত্বৰ বাবে সকলোকে আকৰ্ষিত কৰা কিয়াৰাক শেহতীয়াকৈ ‘গোবিন্দা নাম মেৰা’ত দৰ্শকে দেখিবলৈ পাইছিল। অতি শীঘ্ৰেই কাৰ্তিক আৰ্যনৰ সৈতে ‘সত্যপ্ৰেম কি কথা’ত দৰ্শকে পুনৰ অভিনেত্ৰীগৰাকীক দেখিবলৈ পাব।আনহাতে সিদ্ধাৰ্থৰ শেহতীয়া ছবিখন আছিল নেটফ্লিক্সৰ মুক্তি পোৱা ‘মিছন মজনু’।ইফালে, মুক্তিৰ অপেক্ষাত থকা সিদ্ধাৰ্থৰ পৰৱৰ্তী ছবি হৈছে ‘যোধা’।

Also Read: কৰণ জোহৰৰ পাৰ্টীত পুনৰ একেলগে দেখা গ’ল অনন্যা-আদিত্যক