অক্ষয় কুমাৰৰ কি কামত বাধা হৈ থিয় দিছে জন আব্ৰাহম…

অক্ষয় কুমাৰৰ কি কামত বাধা হৈ থিয় দিছে জন আব্ৰাহম…

author-image
asomiyapratidin
New Update
অক্ষয় কুমাৰৰ কি কামত বাধা হৈ থিয় দিছে জন আব্ৰাহম…

ডিজিটেল ডেস্কঃ যোৱা ২১ মাৰ্চত ছবিঘৰত মুক্তি পোৱা অক্ষয় কুমাৰ অভিনীত ছবি কেশৰীয়ে দৰ্শকৰ পৰা লাভ কৰিছে ব্যাপক সহাঁৰি। মুক্তিৰ ১৫ দিনৰ পাছতো ছবিখন দেশৰ ভিন্ন প্ৰান্তৰ ছবিঘৰত সগৌৰৱে প্ৰদৰ্শিত হৈ আছে যদিও প্ৰথমটো সপ্তাহৰ তুলনাত দ্বিতীয় সপ্তাহত ছবিখনৰ উপাৰ্জন হ্ৰাস পাইছে।

প্ৰথমটো সপ্তাহতে ১০০ কোটিৰ দেওনা পাৰ কৰা ছবিখন দেশ-বিদেশত মুঠ ৪২০০ টা ছবিঘৰত মুক্তি দিয়া হৈছিল। মুক্তিৰ ১৫ দিনৰ অন্তত ছবিখনে মুঠ উপাৰ্জন কৰিছে ১৩৩. ৪৫ কোটি টকা। উপাৰ্জনৰ ক্ষেত্ৰত ২০১৯ বৰ্ষত সবাতোকৈ অধিক অপেনিঙৰ ছবি হিচাপে স্বীকৃতি লাভ কৰিছে কেশৰীয়ে।

অক্ষয় কুমাৰৰ বিপৰীতে অভিনেত্ৰী পৰিনীতি চোপ্ৰাই অভিনয় কৰা ছবিখন পৰিচালনা কৰিছে অনুৰাগ সিঙ আৰু প্ৰযোজনা কৰণ জৌহৰৰ। ছবি সমালোচক সকলৰ মতে অচিৰেই কেশৰীয়ে ১৫০ কোটিৰ ক্লাৱত প্ৰৱেশ কৰা অধিক সম্ভাৱনা আছিল যদিও জন আব্ৰাহম ছবি 'ৰোমিঅ-আকবৰ- ৱাটলাৰে' এই গতিত বাধা প্ৰদান কৰিব।