/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/707207-salman-katrina-chirstmas.jpg)
ডিজিটেল ডেস্কঃচলমানৰ নাম সহ অভিনেত্ৰী কেটৰীণা কেঈফৰ সৈতে সাঙুৰ খোৱাতো নতুন কথা নহয়। কেটৰীণা বলিউদত এগৰাকী সফল অভিনেত্ৰী হোৱাত চলমান খানৰ অৱদান কম নহয়। ইয়াৰ পিছতে খবৰ আহিছিল যে, চলমান-কেটৰীণাৰ মাজত আছে প্ৰেমৰ সম্পৰ্ক। কিন্তু পিছৰ সময়খিনিত কেটৰীণাৰ নাম অন্য অভিনেতাৰ সৈতে সাঙুৰ খাইছিল।
কেৱল কেটৰীণাই নহয়, ৪০ দেওনা পাৰ কৰা চলমানৰ নামো সাঙুৰ খাইছিল বহু অভিনেত্ৰীৰ সৈতে। বিয়া সন্দৰ্ভত সততে মুখ নোখোলা চলমানে কিছুদিনৰ পূৰ্বে মন্তব্য কৰিছিল যে, নিৰ্বাচনৰ ফলাফলৰ পাছতে তেও বিয়াৰ দিন ঘোষণা কৰিব। বিয়াৰ কথা চলি থকাৰ মাজতে শেহতীয়াকৈ ভাইৰেল হৈছে এটা বিশেষ ভিডিঅ'।
ভিডিঅ'টোত কেটৰীণাই প্ৰেমৰ প্ৰস্তাৱ দিছে চলমানক। কেৱল প্ৰেমৰ প্ৰস্তাৱ দিয়াতে ক্ষান্ত নাথাকি বিয়া কেতিয়া কৰাব বুলিও সুধিছে চলমানক। বিয়াৰ কথা শুনিয়েই লাজেৰে তলমূৰ কৰিলে চলমানে।
The proposal ….@Bharat_TheFilmpic.twitter.com/1BCvPSirUe
— ali abbas zafar (@aliabbaszafar) May 24, 2019
কিন্তু ভাইৰেল হোৱা ভিডিঅ'টো ৰিয়েল লাইফৰ নহয়, ৰী'ল লাইফৰ হে। চলিত বৰ্ষৰ ৫ জুনত মুক্তি পাবলগীয়া চলমান-কেটৰীণাৰ ছবি ভাৰতৰ এটা ভিডিঅ' ক্লীপহে । ছবিখনৰ পৰিচালক আলী আব্বাছ জফৰে ছ'চিয়েল মিডিয়াত আপলোড কৰিছে এই ভিডিঅ'টো। বৰ্তমান ভাইৰেল হৈ পৰা ভিডিঅ'টো চাই বহুতে কমেন্ট কৰিছে যে, 'কেটৰীণাই অভিনয়ৰ মাজেৰ্ কিজানি সচা কথাকেই ক'লে চলমানক।'
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us