অৱশেষত আহিল সেই ভাল খবৰ ! শীঘ্ৰেই কোলা শুৱনি হ’ব কেটৰিনা কাইফৰ

গৰ্ভধাৰণৰ বাবে সম্প্ৰতি খুব চৰ্চাত আছে দীপিকা পাডুকন।পিছে দীপিকাৰ লগতে কোলা শুৱনি হ'ব আন এগৰাকী জনপ্ৰিয় অভিনেত্ৰী।হয়, মাতৃ হ'বলৈ ওলাইছে কেটৰিনা কাইফ।এই বিষয়ে কেটৰিনা আৰু তেওঁৰ স্বামী বিকি কৌশলে এই বিষয়ে ৰাজহুৱা কৰা নাই যদিও চৌদিশে ইয়াৰ খুব চৰ্চা চলিছে।

author-image
Asomiya Pratidin
New Update
অৱশেষত আহিল সেই ভাল খবৰ ! শীঘ্ৰেই কোলা শুৱনি হ’ব কেটৰিনা কাইফৰ

ডিজিটেল ডেস্ক: গৰ্ভধাৰণৰ বাবে সম্প্ৰতি খুব চৰ্চাত আছে দীপিকা পাডুকন।পিছে দীপিকাৰ লগতে কোলা শুৱনি হ'ব আন এগৰাকী জনপ্ৰিয় অভিনেত্ৰী।হয়, মাতৃ হ'বলৈ ওলাইছে কেটৰিনা কাইফ।এই বিষয়ে কেটৰিনা আৰু তেওঁৰ স্বামী বিকি কৌশলে এই বিষয়ে ৰাজহুৱা কৰা নাই যদিও চৌদিশে ইয়াৰ খুব চৰ্চা চলিছে।

Advertisment

প্ৰকৃততে, কেটৰিনা আৰু বিকিৰ এটা ভিডিঅ' শেহতীয়াকৈ ছ'চিয়েল মেডিয়াত ভাইৰেল হৈছে। ভিডিঅ'টো লণ্ডনৰ। য'ত অনুৰাগীসকলে অভিনেত্ৰীগৰাকীৰ ‘বেবী বাম্প’ লক্ষ্য কৰি ছ’চিয়েল মেডিয়াত মুকলিকৈ তেওঁক শুভেচ্ছা জনাইছে। এক প্ৰতিবেদনত দাবী কৰা হৈছে যে কেটৰিনাই লণ্ডনতেই তেওঁলোকৰ প্ৰথম সন্তান জন্ম দিব।সেয়েহে, অভিনেত্ৰীগৰাকী বহুদিনৰ পৰা লণ্ডনতে আছে।

উল্লেখ্য যে, বিগত কিছু সময়ৰ পৰা বলীউডৰ বহুতো তাৰকাই তেওঁলোকৰ জীৱন যিমান সম্ভৱ ব্যক্তিগত কৰি ৰাখিবলৈ চেষ্টা কৰি আছে। অনুষ্কা শৰ্মাইও লণ্ডনতে তেওঁৰ পুত্ৰক জন্ম দিছিল। আনহাতে, কেটৰিনাৰ ‘পি আৰ’ দলে এই সকলোবোৰ প্ৰতিবেদন অস্বীকাৰ কৰিছে।তেওঁলোকৰ মতে, অভিনেত্ৰীগৰাকীয়ে কেৱল স্বামীৰ সৈতে ভাল সময় অতিবাহিত কৰিবলৈহে লণ্ডনত আছে। অৱশ্যে এই খবৰৰ সতত্যা সময়হে ক’ব পাৰিব।

২০২১ চনৰ ৯ ডিচেম্বৰত ৰাজস্থানত কেটৰিনা কাইফ আৰু বিকি কৌশলে অতি ৰাজকীয় শৈলীত বিবাহপাশত আৱদ্ধ হৈছিল। বিয়াখনত দম্পতিহালৰ পৰিয়াল আৰু ঘনিষ্ঠ বন্ধুবৰ্গ উপস্থিত আছিল। বিবাহৰ ৩ মাহৰ পিছত, ২০২২ৰ ১৯ মাৰ্চত তেওঁলোকে আইনীভাৱে বিবাহ পঞ্জীয়ন কৰিছিল।

Also Read: ছলমান খানেই নহয়, সঞ্জয় দত্তও বলীয়া হৈছিল ঐশ্বৰ্য ৰয়ৰ প্ৰেমত