পুনৰ পিতৃত্বৰ গৌৰৱ অৰ্জন কৰিলে জনপ্ৰিয় কৌতুক অভিনেতা কপিল শৰ্মাই…

পুনৰ পিতৃত্বৰ গৌৰৱ অৰ্জন কৰিলে জনপ্ৰিয় কৌতুক অভিনেতা কপিল শৰ্মাই…

author-image
asomiyapratidin
New Update
পুনৰ পিতৃত্বৰ গৌৰৱ অৰ্জন কৰিলে জনপ্ৰিয় কৌতুক অভিনেতা কপিল শৰ্মাই…

ডিজিটেল ডেস্কঃ সোমবাৰে পুনৰ পুৱা অনুৰাগীৰ মাজলৈ এটি সুখবৰ উপহাৰ দিছে জনপ্ৰিয় কৌতুক অভিনেতা কপিল শৰ্মাই। দ্বিতীয় বাৰৰ বাবে পিতৃত্বৰ গৌৰৱ অৰ্জন কৰিছে অভিনেতা কপিলে। ইয়াৰ পিছতে সামাজিক মাধ্যম যোগে বহু অনুৰাগীয়ে শুভকামনাৰে উপচাই পেলাইছে কপিল দম্পতীক।

Advertisment

মনোজ বাজপেয়ী, চাইনা নেহৱালৰ দৰে খ্যাত বহুকেইজনেও অভিনন্দন জনাইছে কপিল শৰ্মাক। সোমবাৰে পুৱাৰ ভাগত এটি টুইটাৰ পোষ্ট যোগে কপিল শৰ্মাই জানিবলৈ দিয়ে এই খবৰটো। তেওঁ টুইটটোত লিখে যে ভগৱানৰ আশীৰ্বাদত তেওঁলোকে এটি পুত্ৰ সন্তান লাভ কৰিছে। ইশ্বৰৰ কৃপাত তেওঁৰ নৱজাতক পুত্ৰ তথা পত্নী দুয়ো সুস্থ। তেওঁ ইয়াৰ বাবে সকলোকে তেওঁলোকৰ প্ৰাৰ্থনা আৰু শুভকামনাৰ বাবে ধন্যবাদ জনায়।

ইয়াৰ বাবে কপিল শৰ্মাই তেওঁৰ কামৰ পৰাও বিৰতি লৈছে কিছুদিন। তেওঁ কিছুদিনৰ বাবে কমেডী শ্বৰ পৰাও বিৰতি লৈছে। তেওঁ কৈছে যে তেওঁ কিছু সময় নিজৰ পত্নী আৰু সন্তানৰ সৈতে কটাব বিচাৰিছে।