এইবাৰ হলিউডৰ ছবিত কমেডী কিং কপিল শৰ্মা… চাওঁক VIDEO

এইবাৰ হলিউডৰ ছবিত কমেডী কিং কপিল শৰ্মা… চাওঁক VIDEO

author-image
asomiyapratidin
New Update
এইবাৰ হলিউডৰ ছবিত কমেডী কিং কপিল শৰ্মা… চাওঁক VIDEO

ডিজিটেল ডেস্কঃ কমেডী কিং কপিল শৰ্মাই এইবাৰ এক নতুন প্ৰজেক্টত হাত দিছে। হলিউডৰ এখন এনিমেটেড ছবিৰ হিন্দী সংস্কৰণত কাম কৰিছে এই গৰাকী বিখ্যাত কমেডিয়ানে। হলিউডৰ ছবি 'দ্য এংগ্ৰী বাৰ্ডছ-২'ত ডাবিং কৰিছে কপিল শৰ্মাই।

কপিল শৰ্মাই দ্য এংগ্ৰী বাৰ্ডছ-২ৰ ৰেড নামৰ চৰিত্ৰটোত ডাবিং কৰিছে। এই ছবিখনৰ প্ৰথম ভাগ অৰ্থাৎ দ্য এংগ্ৰী বাৰ্ডছ ছবিখন সমগ্ৰ বিশ্বৰ লগতে ভাৰতীয় দৰ্শকেও আদৰি লৈছিল। এই প্ৰথম ভাগখনৰ সফলতাৰ প্ৰতি লক্ষ্য ৰাখি কপিল শৰ্মাৰ দৰে এগৰাকী দিগ্বজ কমেডিয়ানে এই ছবিখনৰ দ্বিতীয় সংস্কৰণত কাম কৰে।

উল্লেখ্য যে, দ্য এংগ্ৰী বাৰ্ডছ-২ ছবিখন ভাৰতৰ ছবিগৃহত মুক্তি পাব ২৩ আগষ্টত। এই ছবিখনৰ এটা ট্ৰেইলাৰো মুক্তি দিয়া হৈছে। আৰু ট্ৰেইলাৰটোৱে সকলোকে ছবিখন চাবলৈ আকৰ্ষিত যে কৰিব সেয়া দেখা গৈছে। তদুপৰি ছবিখনৰ লিয়নাৰ্ড নাম চৰিত্ৰটোত ডাবিং কৰিছে কিকু সাৰদ আৰু জেটা চৰিত্ৰত ডাবিং কৰিছে অৰ্চনা পুৰণ সিঙে।