/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/kapil-dev-and-ranveer-singh-face-pic.jpg)
ডিজিটেল ডেস্কঃ ভাৰতীয় ক্ৰিকেটাৰ ধোনীৰ জীৱনভিত্তিক ছবি 'এম এছ ধোনী'ৰ পাছত পুনৰ ক্ৰিকেট খেলুৱৈৰ জীৱনভিত্তিক ছবি শীঘ্ৰেই আহি আছে ছবিগৃহলৈ। বলিউদৰ অভিনেতা ৰণবীৰ সিঙে হিন্দী ছবি '৮৩'ত প্ৰাক্তন ভাৰতীয় খেলুৱৈ কপিল দেৱৰ চৰিত্ৰত অভিনয় কৰিব। এই ছবিখনৰ বাবে তেওঁ বহু পৰিশ্ৰম কৰা পৰিলক্ষিত হৈছে।
Workin' the #NatrajShot 🏏with the Man Himself #KapilDev 👑 @83thefilm#Blessed#JourneyBegins@kabirkhankkpic.twitter.com/LfuG0hqQxO
— Ranveer Singh (@RanveerOfficial) April 6, 2019
কেইদিনমান আগতে ৰণবীৰ সিং আৰু কপিল দেৱৰ এখন ফটো ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছিল। ফটোখনত প্ৰাক্তন ভাৰতীয় খেলুৱৈ কপিল দেৱে অভিনেতাগৰাকীক প্ৰশিক্ষণ দিয়া পৰিলক্ষিত হৈছে। ইফালে, কপিল দেৱৰ জীৱনভিত্তিক এই ছবিখনক লৈ বলিউদৰ অভিনেতা তথা প্ৰযোজক কমাল খানে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।
I really can't understand what will ppl like to watch in a biography of Kapil Dev? He won the cricket World Cup? So? Why should I watch a film on that? Means it can become a super flop like Azhar. Kabir khan is really a bad Director who can copy only. He can't make Original film. pic.twitter.com/xwKEE6kgkZ
— KRK (@kamaalrkhan) April 6, 2019
টুইটাৰযোগে এই ছবিখনক কটাক্ষ কৰিছে কমাল খানে। পূৰ্বেও কমাল খানক বহু বহু ইছ্যুক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰা প্ৰায়ে দেখা যায়। ইয়াৰোপৰি খানৰ এই টুইটটোক লৈ বহু লোকে প্ৰতিক্ৰিয়াও ব্যক্ত কৰিছে। তেওঁ টুইটাৰত লিখিছে- 'মই বুজি পোৱা নাই যে, কপিল দেৱৰ জীৱনভিত্তিক এই ছবিখন কোনে চাব? তেওঁ ক্ৰিকেট বিশ্বকাপ জিকিছিল। তাতেনো কি হ'ল? মই কিয় ছবিখন চাব লাগে? কপিল দেৱৰ জীৱনভিত্তিক ছবি 'আজহৰ'ৰ দৰে ছুপাৰ ফ্লপ হ'ব পাৰে। কবিৰ খান প্ৰকৃতাৰ্থত এজন ভাল নিৰ্দেশক নহয়। তেওঁ কেৱল নকল কৰিব জানে।' এনেদৰে টুইট কৰি কটাক্ষ কৰে কমাল খানে। আৰু বৰ্তমান ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এই টুইটটো।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us