নতুন ছবিঃ ইন্দিৰাৰ ৰূপত কংগনা…

নতুন ছবিঃ ইন্দিৰাৰ ৰূপত কংগনা…

author-image
asomiyapratidin
New Update
নতুন ছবিঃ ইন্দিৰাৰ ৰূপত কংগনা…

ডিজিটেল ডেস্কঃ ৰাজনীতিৰ পৃষ্ঠভূমিত পুনৰ নিৰ্মান হ'ব এখন চিনেমা। মূখ্য চৰিত্ৰত অভিনয় কৰিব কংগনা ৰানাৱটে। দেশৰ পূৰ্বৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ চৰিত্ৰত অভিনয় কৰিব বহুচৰ্চিত আৰু বিতৰ্কিত অভিনেত্ৰীজনীয়ে।

Advertisment

কংগনাই ছবিখন জীৱনীমূলক নহয় বুলি সদৰী কৰিছে।অভিনেত্ৰীগৰাকীয়ে লগতে কয় যে বহুকেইজন প্ৰখ্যাত অভিনেতাই এই ছবিৰ চৰিত্ৰ সমূহ ৰূপায়ন কৰিব।

অভিনেত্ৰী গৰাকীয়ে কয় যে, এইখন ছবি ঐতিহাসিক পটভূমিত ৰচিত এখন চিৰিয়াছ ছবি হ'ব। এই ৰাজনৈতিক চিনেমাখনত দৰ্শকে বৰ্তমান ভাৰতৰ সামাজিক-ৰাজনৈতিক পৰিস্থিতিৰ বিষয়ে আভাস পোৱাটো সহায়ক হ'ব। উল্লেখ্য যে বৰ্তমানলৈকে স্থিৰ হোৱা নাই ছবিখনৰ নাম।