/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/10/kangana-ranaut759.jpg)
"যদি সাহস আছে তেন্তে আফগানিস্তানত বোৰ্খা পৰিধান নকৰাকৈ দেখাওক।নিজকে পিঞ্জৰাৰ পৰা মুক্ত কৰিবলৈ শিকক"– এই মন্তব্য বলিউড অভিনেত্ৰী কংগনা ৰাণাৱটৰ।
হিজাব বিতৰ্কই দেশত চাঞ্চল্যৰ সৃষ্টি কৰি থকাৰ মাজতেই হিজাবৰ বিৰোধিতা কৰি ছ'চিয়েল মি়ডিয়াত মন্তব্য প্ৰদান কৰিছে কংগনাই। কৰ্ণাটকৰ পৰা আৰম্ভ হোৱা হিজাব বিতৰ্কই জোকাৰিছে দেশ।
অভিনেত্ৰী গৰাকীয়ে নিজৰ ইনষ্টা ষ্টৰীত লেখক আনন্দ ৰংগনাথনে পোষ্ট কৰা এখন ফটো শ্বেয়াৰ কৰিছে য'ত দেখা গৈছে ইৰাণৰ দুখন ছবি।এখন ফটো ১৯৭৩ চনৰ আৰু আনখন বৰ্তমানৰ। ছবিখনত ১৯৭৩ চনত ইৰাণত বিকিনি পিন্ধি থকা আৰু বৰ্তমান বোৰ্খা পিন্ধি থকা দেখা গৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/02/sd.png)
এই ছবি সন্দৰ্ভতে কংগনাই লিখিছে যে "সাহস আছে যদি আফগানিস্তানত বোৰ্খা পৰিধান নকৰাকৈ দেখাওক। পিঞ্জৰাৰ পৰা মুক্ত হ'বলৈ শিকক"। কংগনাৰ এই পোষ্টটো অতি ক'ম সময়ৰ ভিতৰতে ছ'চিয়েল মিডিয়াত তীব্ৰগতিত ভাইৰেল হৈ পৰিছে।
উল্লেখ্য যে, কংগনাই বিভিন্ন সময়ত তেওঁ দিয়া মন্তব্যৰ বাবে বিতৰ্কত থাকে। এইবাৰ দেশত চলি থকা হিজাব বিতৰ্কৰ ওপৰত মন্তব্য কৰি পুনৰ চৰ্চালৈ আহিছে কংগনা।