কৰীণা আউট কংগনা ইনঃ সীতা চৰিত্ৰৰ বাবে চূড়ান্ত হ’ল অভিনেত্ৰী..

কৰীণা আউট কংগনা ইনঃ সীতা চৰিত্ৰৰ বাবে চূড়ান্ত হ’ল অভিনেত্ৰী..

author-image
asomiyapratidin
New Update
কৰীণা আউট কংগনা ইনঃ সীতা চৰিত্ৰৰ বাবে চূড়ান্ত হ’ল অভিনেত্ৰী..

ডিজিটেল ডেস্কঃ অৱশেষত চূড়ান্ত হ'ল কোন হ'ব সীতা। ৰামায়ণৰ অতি গুৰুত্বপূৰ্ণ চৰিত্ৰ সীতাৰ জীৱনৰ আধাৰত নিৰ্মাণ কৰিবলগীয়া সীতা নামৰ চিনেমাখনৰ বাবে চূড়ান্ত কৰা হ'ল বলিউডৰ অন্যতম জনপ্ৰিয় তথা বিতৰ্কিত অভিনেত্ৰী কংগনা ৰাণাৱটক। দীৰ্ঘদিন ধৰি সীতা চিনেমাখনৰ নাম ভূমিকাত কোনে অভিনয় কৰিব তাকে লৈ সৃষ্টি হৈ আছিল উৎসুকতা। প্ৰথমে কৰীণা কাপুৰ খানক চুক্তিবদ্ধ কৰাৰ কথা হৈছিল যদিও অৱশেষত কংগনা ৰাণাৱটক ছবিখনৰ বাবে চুক্তিবদ্ধ কৰা হ'ল।

শেহতীয়াকৈ কংগনাই অভিনয় কৰা 'থালাইভি' নামৰ ছবিখন মুক্তি পাইছে আৰু ছবিখনত কংগনা ৰাণাৱতক জয়ললিতাৰ চৰিত্ৰত অভিনয় কৰা দেখা গৈছে। ছবিখনক কেন্দ্ৰ কৰি সৃষ্টি হৈ থকা উৎসুকতাৰ মাজতে ৪ বাৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰা অভিনেত্ৰীগৰাকীক সীতা ছবিখনত শীৰ্ষক চৰিত্ৰত দেখা পোৱা যাব বুলি ঘোষণাৰ পিচতে বিশেষ চৰ্চা লাভ কৰিছে।

বহু চৰ্চিত এই ছবিখনৰ বাবে প্ৰথমে কেইবাগৰাকীও অভিনেত্ৰীৰ নাম লোৱা হৈছিল আৰু অৱশেষত কংগনাৰ নাম চূড়ান্ত কৰা হৈছে। খবৰ আহিছিল যে কৰীণা কাপুৰ খানকো সীতাৰ চৰিত্ৰৰ বাবে প্ৰস্তাৱ দিয়া হৈছিল কিন্তু তেওঁ ছবিখনৰ বাবে বৃহৎ পৰিমাণৰ ধন বিচাৰিছিল। কংগনা ৰাণাৱটে তেওঁৰ ছচিয়েল মিডিয়া একাউণ্টত ছবিখনৰ প্ৰথম খন পোষ্টাৰ মুকলি কৰিছে য'ত কোৱা হৈছে যে ছবিখনৰ সম্পূৰ্ণ নাম হৈছে 'সীতা দ্য ইণ্টিগ্ৰেচন'। ছবিখন পৰিচালনা কৰিব আলোকিক দেশাই আৰু শালিনী শৰ্মা প্ৰযোজক।

সীতা ছবিখনৰ চিত্ৰনাট্য লিখিছে এছ এছ ৰাজামৌলীৰ পিতৃ, কে ভি বিজয়েন্দ্ৰ প্ৰসাদে। এইগৰাকী বিজেয়েন্দ্ৰ প্ৰসাদেই বাহুবলী ছবিখনৰ চিত্ৰনাট্য লিখিছিল। চলচ্চিত্ৰখনৰ সংলাপ আৰু সংগীত মনোজ মুন্তাশিৰৰ। এই ছবিখন হিন্দী, তামিল, তেলেগু, মালায়ালম আৰু কানাড়াত ভাষাত মুক্তি দিয়া হ'ব।

কংগনা ৰাণাৱটে কুইন, মণিকৰ্ণিকা, পাঙ্গা, তনু ৱেডছ মনু আৰু থালাইভিৰ দৰে চলচ্চিত্ৰৰ দ্বাৰা তেওঁৰ অভিনয়ৰ শ্ৰেষ্ঠ প্ৰতিভা প্ৰমাণ কৰিছে। অনুৰাগীসকলে তেওঁক সীতাৰ চৰিত্ৰত দেখি উৎসাহিত হৈছে। কে ভি বিজয়েন্দ্ৰ প্ৰসাদেও এটা সাক্ষাৎকাৰত কৈছিল যে সীতা চৰিত্ৰটোৰ বাবে তেওঁৰ প্ৰথম পচন্দ হৈছে কংগনা ৰাণাৱট।