একেলেথাৰিৰে বহুকেই ছবি ‘ফ্লপ’ হ’ল যদিও আক্ষেপ নাই বলীউডৰ 'কুইন'ৰ

ইখনৰ পিছত সিখন ছবি 'ফ্লপ' হোৱাৰ পাছতো একো আক্ষেপ নাই বলীউডৰ কুইন কংগনা ৰাণাৱটৰ।হয়, সেয়া স্পষ্ট কৰিছে তেওঁৰ মন্তব্যই।মুখ খুলি কথা কৈ প্ৰায় সকলো সময়তে বিতৰ্কত থকা অভিনেত্ৰীগৰাকী ইতিমধ্যে ৰাজনীতিতো প্ৰৱেশ কৰিছে।

author-image
Asomiya Pratidin
New Update
একেলেথাৰিৰে বহুকেই ছবি ‘ফ্লপ’ হ’ল যদিও আক্ষেপ নাই বলীউডৰ 'কুইন'ৰ

ডিজিটেল ডেস্ক: ইখনৰ পিছত সিখন ছবি 'ফ্লপ' হোৱাৰ পাছতো একো আক্ষেপ নাই বলীউডৰ কুইন কংগনা ৰাণাৱটৰ।হয়, সেয়া স্পষ্ট কৰিছে তেওঁৰ মন্তব্যই।মুখ খুলি কথা কৈ প্ৰায় সকলো সময়তে বিতৰ্কত থকা অভিনেত্ৰীগৰাকী ইতিমধ্যে ৰাজনীতিতো প্ৰৱেশ কৰিছে

Advertisment

শেহতীয়া এক অনুষ্ঠানত কৰা কেতবোৰ মন্তব্যৰ বাবে কংগনা আকৌ চৰ্চাৰ শীৰ্ষত আছে। বহুদিন ধৰি তেওঁ অভিনীত ছবি সফল নোহোৱা সন্দৰ্ভত এই অনুষ্ঠানতে উত্থাপিত এক প্ৰশ্নৰ উত্তৰত অভিনেত্ৰীগৰাকীয়ে কয়, ছবি এখনৰ সফলতা-অসফলতাই কোনো অভিনেতা-অভিনেত্ৰীৰ প্ৰতিভাত সন্দেহৰ অৱতাৰণা কৰিব নোৱাৰে।বলীউডৰ কিং শ্বাহৰুখ খানৰো ১০ বছৰ ধৰি কোনো ছবিয়েই হিট হোৱা নাছিল।কিন্তু শ্বাহৰুখৰ ইৰ্ষণীয় কেৰিয়াৰত তাৰ কোনো প্ৰভাৱ নপৰিল।মইও নিজকে শ্বাহৰুখতকৈ কম বুলি নাভাবো।আমিবোৰ বলীউডৰ ‘তাৰকা’ৰ শেষ প্ৰজন্ম। অ'টিটি-য়ে ‘তাৰকা’ নিৰ্মাণ নকৰে।’ 

উল্লেখ্য যে, ৰাণাৱটে হিমাচল প্ৰদেশৰ মাণ্ডি লোকসভা আসনৰ পৰা ভাৰতীয় জনতা পাৰ্টি (বিজেপি)ৰ প্ৰাৰ্থী হিচাপে ৰাজনৈতিক ইনিংছ আৰম্ভ কৰিছে।ৰাজনীতিলৈ যোৱাৰ বাবে কংগনা ইতিমধ্যে বহু সমালোচনাৰ পাত্ৰও হৈছে।

Also Read: ছলমান খানেই নহয়, সঞ্জয় দত্তও বলীয়া হৈছিল ঐশ্বৰ্য ৰয়ৰ প্ৰেমত