/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/09/kanchangha-delhi.jpg)
ডিজিটেল ডেস্কঃ শুকুৰবাৰে দেশৰ বিভিন্ন প্ৰান্তৰ ছবিগৃহত মুক্তিপালে হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ নতুন ছবি কাঞ্চনজংঘা। প্ৰথমদিনাই ৰাজ্যৰ ছবিগৃহত দেখিবলৈ পোৱা গ'ল দৰ্শকৰ লানি নিছিগা সোত। এন আৰ চিৰ বিৰুদ্ধাচৰণেৰে বজৰংগ দলে অসম বন্ধ দিছিল যদিও সেই বন্ধৰ প্ৰতি কোনো লোকেই বিশেষ গুৰুত্ব দিয়া দেখিবলৈ পোৱা নগ'ল। অৱশ্যে কোনো ঠাইত বন্ধ সমৰ্থকসকলে টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্তও কৰিছিল।
অসমীয়া ছবিজগতৰ নতুন যাত্ৰা আৰম্ভ হোৱা বুলি মন্তব্য কৰি সকলো লোকে ছবিখন চাবৰ বাবে ওলাই অহা দেখিবলৈ পোৱা গ'ল। ডিব্ৰুগড়ৰ ৰাজপথত অৱস্থান কৰি বন্ধ সমৰ্থকে ছবিখন সম্প্ৰচাৰ কৰাত বাধা দিয়াও দেখা গৈছিল। অৱশ্যে ছবিখন চাবৰ বাবে অহা লোকসকল বিমুখ নহ'ল। কাৰণ সকলো লোকৰ প্ৰৱল দাবীত ছবিগৃহৰ কৰ্তৃপক্ষই কাঞ্চনজংঘাৰ সম্প্ৰচাৰ কৰিবলৈ বাধ্য হৈছিল।
ইফালে আন এক দৃশ্যই সকলো লোকৰে দৃষ্টি হৰণ কৰিলে শুকুৰবাৰে। ৰাজধানী নতুন দিল্লীত কাঞ্চনজংঘা চাবৰ বাবে দৰ্শকে টিকট কৰি ৰৈ থকাৰ সময়তে হঠাৎ ছবিখন নচলোৱাৰ কথা জানিবলৈ দিছিল ছবিগৃহৰ কৰ্তৃপক্ষই। তাৰ পাছতে জাঙুৰ খাই পৰিছিল জুবিন প্ৰেমী তথা উপস্থিত লোকসকল। ছবিগৃহৰ এ চি বেয়া হোৱা বুলি কৈ কৰ্তৃপক্ষই ছবিখন আৰম্ভ কৰাৰ বাবে অমান্তি প্ৰকাশ কৰে।
যাক কেন্দ্ৰ কৰি বহু সময় ধৰি উপস্থিত অসমৰ ছাত্ৰ-ছাত্ৰী তথা ছবি প্ৰেমীসকল উত্তেজিত হৈ যায়। আৰু ছবিগৃহৰ কৰ্তৃপক্ষই এ চি নোহোৱাকৈয়ে ছবিখন সম্প্ৰচাৰ কৰিবলৈ বাধ্য হয়। অৱশ্যে ছবিখন এ চি বিহীনভাৱে দৰ্শকে উপভোগ কৰাৰ বাবে ছবিগৃহৰ কৰ্তৃপক্ষই সকলো উপস্থিত লোককে শীতল পানীয়ৰ যোগান ধৰে।
উল্লেখ্য যে, দিল্লীত ছবিৰ দৰ্শনী আছিল নিশা ৯ বজাত। কিন্তু ছবিখন আৰম্ভ হোৱাৰ কিছু সময়ৰ পূৰ্বেহে চলাব পৰা নাযাব বুলি জনাইছিল কৰ্তৃপক্ষই। যাক কেন্দ্ৰ কৰি একাংশ লোক উত্তেজিতও হৈ পৰিছিল। তাৰ পাছত শীতাতপ যন্ত্ৰ নোহোৱাকৈয়ে সম্প্ৰচাৰ কৰা হয় ছবিখন। সেই সময়ত দিল্লীত কোনো লোকে কেমেৰাত আবদ্ধ কৰি ৰখা এটা ভিডিঅ' ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ইফালে এটা অনলাইন এপৰ পৰাও দিল্লীত কাঞ্চনজংঘাৰ অগ্ৰিম টিকট ক্ৰয় উঠাই দিয়া বুলিও অভিযোগ কৰিছে একাংশ লোকে।
উল্লেখ্য যে, ৭ ছেপ্তেম্বৰত দিল্লীৰ চিনেপলিছৰ কৰ্তৃপক্ষই ৭০ শতাংশ টিকট বিক্ৰী হোৱাৰ পাছতো অনলাইন টিকট ক্ৰয়ৰ ব্যৱস্থা বন্ধ ৰখাৰ অভিযোগ উঠিছে। ইফালে একাংশ লোক কাঞ্চনজংঘাৰ বিৰুদ্ধে অৱস্থান কৰা বুলিও অভিযোগ উঠিছে।