চাইকেলৰ কেৰিয়াৰত পিতৃক লৈ ১২শ কিঃমিঃৰ সেই শিহৰণকাৰী যাত্ৰা এইবাৰ অভিনয়ৰ ৰূপত…

চাইকেলৰ কেৰিয়াৰত পিতৃক লৈ ১২শ কিঃমিঃৰ সেই শিহৰণকাৰী যাত্ৰা এইবাৰ অভিনয়ৰ ৰূপত…

author-image
asomiyapratidin
New Update
চাইকেলৰ কেৰিয়াৰত পিতৃক লৈ ১২শ কিঃমিঃৰ সেই শিহৰণকাৰী যাত্ৰা এইবাৰ অভিনয়ৰ ৰূপত…

ডিজিটেল ডেস্কঃ জ্যোতি কুমাৰীক মনত আছেনে? এইবাৰ বিহাৰৰ জ্যোতিক দেখিবলৈ পোৱা যাব ৰূপালী পৰ্দাত। এই খবৰ লাভ কৰাৰ পাছতে তেওঁ কৈছিল, 'মই সুখী হৈছো। মোৰ দৰে ছোৱালীৰ বাবে চিনেমা চোৱাটো বিলাসিতাৰ কথা। কিন্তু নিজে অভিনয় কৰাৰ কথা সপোনতো ভবা নাছিলো। মই যি কাম কৰিছিলো সেয়া মোক পৰিস্থিতিয়ে বাধ্য কৰিছিল। এগৰাকী কন্যা হিচাপে সেয়া আছিল মোৰ দায়িত্ব। মোৰ দেউতাক ঘৰলৈ উভতাই অনাৰ বাবে মই সুযোগ পাইছিলো। অৱশ্যে এই কামে মোৰ লগতে আমাৰ পৰিয়াল আৰু সম্পৰ্কৰ ক্ষেত্ৰতো কিবা যেন নতুনত্ব আনিলে।'

Advertisment

লকডাউনৰ সময়ত জ্যোতিৰ পিতৃ আবদ্ধ হৈ পৰিছিল হাৰিয়ানাৰ গুৰুগ্ৰামত। অসুস্থ পিতৃৰ খবৰ লবলৈ গৈ পিতৃৰ সৈতে তেওঁ আবদ্ধ হৈ পৰিছিল। ১২০০ টকা দি বিহাৰৰ ঘৰলৈকে গাড়ী ভাড়া কৰি অনাটো তেওঁৰ বাবে কোনোমতে সম্ভৱ নাছিল। যাৰ বাবে এখন চাইকেল যোগাৰ কৰি তেওঁ সেই চাইকেলতে অসুখীয়া পিতৃক ঘৰলৈ আনিছিল। এই খবৰে সেই সময়ত সংবাদমাধ্যমত শিৰোনামা দখল কৰিছিল।

উইমেক ফিল্মজ নামৰ প্ৰতিষ্ঠানটোৱে জ্যোতিৰ জীৱনৰ ভিত্তিত ছবিখন নিৰ্মাণ কৰাৰ বাবে আগবাঢ়ি আহিছে। কলিযুগৰ শ্ৰৱণ কুমাৰ ৰূপে সকলোৰে মাজত চৰ্চিত এইগৰাকী যুৱতীয়ে নিজৰ চৰিত্ৰত অভিনয় কৰিবলগীয়া ছবিখনৰ নাম দিয়া হ'ব 'আত্মনিৰ্ভৰ'। অহা আগষ্টৰ পৰা ছবিখনৰ শ্বুটিং আৰম্ভ হ'ব।

দেউতাকৰ সৈতে তেওঁ গুৰুগ্ৰামৰ পৰা বিহাৰৰ দাৰভাংগালৈকে চাইকেলেৰে যোৱা সমগ্ৰ পথচোৱাৰ বিভিন্ন স্থানত দৃশ্যগ্ৰহণ কৰিব। ছবিখন পৰিচালনা কৰিব শ্বাইন কৃষ্ণই। বৰ্তমান সময়ত ছবিখন হিন্দী, ইংৰাজী আৰু মৈথেলী ভাষাত মুক্তি পাব। পৰৱৰ্তী সময়ত প্ৰায় কুৰিটা ভাষালৈ এইখন ছবি ডাব কৰা হ'ব। উল্লেখ্য যে, লকডাউনত কেনেদৰে বিভিন্ন লোক অসুবিধাৰ সন্মুখীন হোৱাৰ লগতে বিভিন্ন পৰস্থিতিৰে মোকাবিলা কৰিবলগীয়া হৈছে তাকো এইখন ছবিত প্ৰদৰ্শন কৰা হ'ব।

আন্তঃৰাষ্ট্ৰীয় দৰ্শকৰ বাবে ছবিখনৰ নাম দিয়া হ'ব 'এ জাৰ্নি অব্ এ মাইগ্ৰেন্ট'। জ্যোতিয়ে পিতৃক কেনেদৰে চাইকেলত নি ঘৰ পাইছিলগৈ সেই সম্পৰ্কে অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণত বিস্তৃততভাৱে প্ৰতিবেদনযোগে প্ৰকাশ পাইছিল। পঢ়ক সেই প্ৰতিবেদন