অভিনয় এৰি ৰাজনীতিলৈ জুনিয়ৰ এন টি আৰ !

অভিনয় এৰি ৰাজনীতিলৈ জুনিয়ৰ এন টি আৰ !

author-image
asomiyapratidin
New Update
অভিনয় এৰি ৰাজনীতিলৈ জুনিয়ৰ এন টি আৰ !

ডিজিটেল ডেস্কঃ আকৌ কি নতুন ৰাজনৈতিক সমীকৰণ? অভিনয় এৰি ৰাজনীতিলৈ আহিব নেকি জুনিয়ৰ এন টি আৰ? দক্ষিণৰ মহা তাৰকা জুনিয়ৰ এন টি আৰে যোগদান কৰিব নেকি বিজেপিত? এই ধৰণৰ চৰ্চা এতিয়া দেশজুৰি আৰম্ভ হৈছে। এই চৰ্চাৰ কাৰণ হৈছে এখন ফটো।

Advertisment

দেশৰ গৃহমন্ত্ৰী তথা বিজেপি নেতা অমিত শ্বাহে সাক্ষাৎ কৰিলে জুনিয়ৰ এন টি আৰক। দুয়োৰে সাক্ষাতৰ ফটো সামাজিক মাধ্যমত এতিয়া ভাইৰেল হৈ পৰিছে। সেয়েহে চৰ্চা চলিছে দক্ষিণৰ এই মহাতাৰকাক বিজেপিত অন্তৰ্ভুক্তিৰ বাবে প্ৰচেষ্টা চলিছে নেকি !

দক্ষিণৰ ছবি উদ্যোগে শেহতীয়াকৈ বলিউডক অতিক্ৰম কৰিছে। এখনৰ পিছত আন এখন চুপাৰ ডুপাৰ হিট ছবি উপহাৰ দিছে দক্ষিণৰ ছবি উদ্যোগে। ইয়াৰ বিপৰীতে বলিউডত এখনৰ পিছত সিখনকৈ প্ৰতিজন চুপাৰ ষ্টাৰৰে ছবি বক্স অফিচত ফ্লপ হৈছে। বাদ পৰি ৰোৱা নাই অক্ষয় কুমাৰ, আমিৰ খানৰো ছবি।

জুনিয়ৰ এন টি আৰৰ দেশজুৰি আছে প্ৰৱল জনপ্ৰিয়তা। প্ৰতিটো প্ৰান্ততে আছে অনুৰাগী। শেহতীয়াকৈ তেওঁৰ অভিনিত 'আৰ আৰ আৰ' চুপাৰ হিট হৈছে। তেওঁৰ অভিনয়ক সকলোৱে প্ৰশংসা কৰিছে। ইয়াৰ মাজতে অমিত শ্বাহে তেওঁক সাক্ষাৎ কৰাৰ ফটো ভাইৰেল হৈ পৰাৰ বাবেই এতিয়া অভিনয় তথা ছবিৰ পৰিৱৰ্তে এন টি আৰৰ নাম ৰাজনীতিৰ সৈতে জড়িত হৈ পৰিছে।

দৰাচলতে অমিত শ্বাহে জুনিয়ৰ এন টি আৰক হায়দৰাবাদত সাক্ষাৎ কৰিছে। এই সাক্ষাতৰ ফটো টুইটাৰত আপলোড কৰি অমিত শ্বাহে তেওঁক প্ৰশংসা কৰিছে। অমিত শ্বাহে তেওঁৰ অফিচিয়েল টুইটাৰ হেণ্ডেলৰ পৰা জুনিয়ৰ এন টি আৰৰ সৈতে হোৱা বৈঠকৰ ফটো শ্বেয়াৰ কৰি লিখিছে- "হায়দৰাবাদত এজন অতি প্ৰতিভাশালী অভিনেতা আৰু তেলেগু চিনেমাৰ ৰত্ন জুনিয়ৰ এন টি আৰৰ সৈতে ভাল বাৰ্তালাপ হৈছিল।"

উল্লেখ্য যে সন্মুখত আছে তেলংগানাৰ নিৰ্বাচন। ২০২৩ৰ ডিচেম্বৰত অনুষ্ঠিত হ'ব ৰাজ্যখনৰ নিৰ্বাচন। এনে প্ৰেক্ষাপটত জুনিয়ৰ এন টি আৰক অমিত শ্বাহে সাক্ষাৎ কৰা বিষয়টোকে সৌজন্যমূলক বুলি কোৱা হৈছে যদিও বহুতেই ইয়াক নিৰ্বাচনৰ প্ৰস্তুতিৰ প্ৰথমটো খোজ বুলি আখ্যা দিছে। জুনিয়ৰ এন টি আৰৰ জনপ্ৰিয়তাক ব্যৱহাৰ কৰি অমিত শ্বাহ তথা বিজেপিয়ে তেলেংগানাত নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ সপোন দেখিছে বুলিও কৈছে।