মই জীৱনত এটা কথাই শিকিলো, সেইটো হ’ল কঠোৰ পৰিশ্ৰমঃ অভিনেতা অজয় দেৱগন…

মই জীৱনত এটা কথাই শিকিলো, সেইটো হ’ল কঠোৰ পৰিশ্ৰমঃ অভিনেতা অজয় দেৱগন…

author-image
asomiyapratidin
New Update
মই জীৱনত এটা কথাই শিকিলো, সেইটো হ’ল কঠোৰ পৰিশ্ৰমঃ অভিনেতা অজয় দেৱগন…

ডিজিটেল ডেস্কঃবলিউডত এক সুকীয়া অভিনয় কৰি এক পৃথক পৰিচয় দাঙিধৰা জনপ্ৰিয় অভিনেতা অজয় দেৱগনে অতি সহজ-সৰলভাৱে কৰে জীৱন-যাপন। পিছলৈ ভৱিষ্যতৰবিষয়ে অধিক চিন্তা নকৰে এই অভিনেতাগৰাকীয়ে। অভিনেতাগৰাকীৰ মতে, তেওঁ অতিসাধাৰণভাৱেই জীৱন কটাই ভাল পায়। প্ৰয়াত জ্যেষ্ঠ একচন নিৰ্দেশক বীৰু দেৱগনৰ পুত্ৰঅজয় দেৱগনে ১৯৯১চনত 'ফুল অ'ৰ কাটে' ছবিখনৰ জৰিয়তে ভৰি দিছিল বলিউডৰ জগতত। জীৱনৰপ্ৰথমখন ছবিয়েই সফলতাৰে বক্স অফিচত চলাৰ পাছত অজয়ক এজন ভাল অভিনেতা ৰূপে দৰ্শকেআকোৱালি লয়।

জনপ্ৰিয় অভিনেতাগৰাকীয়ে কয় যে, 'সৌভাগ্যক্ৰমে মইজীৱনত বিশেষ সংঘৰ্ষ কৰিব লগা হোৱা নাই। সকলো নিজে নিজেই আগবাঢ়ি গৈ আছে। মই জীৱনতবৰ্তমানলৈ যি শিকিলো, সেইটো হ'ল কঠোৰ পৰিশ্ৰম।' লগতে তেওঁ কয়- নিজক আনৰ সৈতে তুলনাকৰিব নালাগে আৰু কেতিয়াও পিছলৈ অৰ্থাৎ অতীতলৈ ঘূৰি চাব নালাগে।

দুটি সন্তানৰ পিতৃ অজয় দেৱগনে বলিউড জগতখনত ২৮বছৰ কাম কৰিছে। আৰু বৰ্তমানলৈ তেওঁ ১০০ খনৰো অধিক ছবিত কৰিছে অভিনয়। বিজয়পথ,দিলজলে, গংগাজল, ওমকাৰা, দৃশ্যম, টোটেল ধামাল, হম দিল দে চুকে চমন আদিৰ দৰেকেইবাখনো হীট ছবিত অভিনয় কৰা অজয় দেৱগানে আৰু অধিক ছবিত কাম কৰিব বুলি আশা প্ৰকাশঅনুগামীসকলৰ।