২৪ ঘণ্টাত ১০ কোটি টকাৰ আগতীয়া বুকিং হ’ল ‘জৱান’ৰ টিকট

বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানৰ বহু প্ৰত্যাশিত ছবি ‘জৱান’ৰ আগতীয়া বুকিঙতেই যেন আৰম্ভ হ’ল ছবিখনৰ অভিলেখ গঢ়াৰ প্ৰক্ৰিয়া।হয়, প্ৰথম দিনাই ‘জৱান’ৰ টিকটৰ হ’ল ‘ৰেকৰ্ড-ব্ৰেকিং এডভান্স বুকিং’।

author-image
Asomiya Pratidin
New Update
২৪ ঘণ্টাত ১০ কোটি টকাৰ আগতীয়া বুকিং হ’ল ‘জৱান’ৰ টিকট

ডিজিটেল ডেস্ক: বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানৰ বহু প্ৰত্যাশিত ছবি ‘জৱান’ৰ আগতীয়া বুকিঙতেই যেন আৰম্ভ হ’ল ছবিখনৰ অভিলেখ গঢ়াৰ প্ৰক্ৰিয়া।হয়, প্ৰথম দিনাই ‘জৱান’ৰ টিকটৰ হ’ল ‘ৰেকৰ্ড-ব্ৰেকিং এডভান্স বুকিং’। এই বছৰৰ আৰম্ভণিতে মুক্তি পোৱা শ্বাহৰুখ খানৰ ছবি 'পাঠান'য়েও বক্স অফিচত উপাৰ্জনৰ সকলো অভিলেখ ভংগ কৰিবলৈ সক্ষম হৈছিল।

Advertisment

ছবিখনৰ আগতীয়া বুকিঙে আৰম্ভণিৰ দিনটোৰ ২৪ ঘণ্টাত প্ৰায় ৩০৫ হাজাৰ টিকট বিক্ৰীসহ ১০ কোটি (১০.১০কোটি) টকা সংগ্ৰহ কৰিছে।আনহাতে, তিনিটা ৰাষ্ট্ৰীয় শৃংখলাত (পিভিআৰ, আইএনঅ'এক্স আৰু চিনেপলিছ) ছবিখনে প্ৰায় ১৬৫ হাজাৰ টিকট বিক্ৰী কৰিছে, যিয়ে প্ৰথম ২৪ ঘণ্টাত আগতীয়া টিকট বিক্ৰীৰ সৰ্বকালৰ অভিলেখ ভংগ কৰিছে।তদুপৰি, 'জৱান'য়ে পিআইচিত এছআৰকেৰ ১১৭ হাজাৰ টিকটৰ 'পাঠান'ৰ অভিলেখকো অতিক্ৰম কৰিছে।

এটলী কুমাৰৰ দ্বাৰা পৰিচালিত তথা ৰেড চিলিজ এণ্টাৰটেইনমেণ্টৰ দ্বাৰা প্ৰযোজিত বহুচৰ্চিত এই ছবিখনত শ্বাহৰুখ খানে দুটা চৰিত্ৰত অভিনয় কৰিছে।তেওঁৰ বিপৰীতে মূখ্য চৰিত্ৰত অভিনয় কৰিছে দক্ষিণৰ মোহময়ী অভিনেত্ৰী নয়নতৰাই।বিজয় সেতুপতি, প্ৰিয়মণি আৰু সান্যা মালহোত্ৰাইও ছবিখনত গুৰুত্বপূৰ্ণ চৰিত্ৰ ৰূপায়ন কৰিছে।তদুপৰি, দীপিকা পাডুকন আৰু সঞ্জয় দত্তকো এই ছবিখনত বিশেষ কেমিঅ'ত দৰ্শকে দেখিবলৈ পাব। ট্ৰেইলাৰ মুকলিৰ পাছতে ছবিখনক লৈ দৰ্শকৰ উৎসুকতা দুগুণে বৃদ্ধি পাইছে। মুক্তিৰ পূৰ্বেই সকলোয়ে ছুপাৰহিট আখ্যা দিয়া 'জৱান' ৭ ছেপ্টেম্বৰত ছবিগৃহলৈ আহিব।ছবিখন হিন্দী ভাষাৰ লগতে তামিল আৰু তেলেগু ভাষাতো মুক্তি দিয়া হ'ব।

Also Read: মুক্তিৰ পূৰ্বেই ‘ব্লকবাষ্টাৰ’ শ্বাহৰুখ খানৰ ‘জৱান’