এই বছৰতে বিবাহ পাশত আৱদ্ধ হ’ব শ্ৰীদেৱীৰ বৰ জী

বিগত কেইমাহ মানৰ পৰা খুব চৰ্চাত আছে বলীউডৰ অভিনেত্ৰী জাহ্নৱী কাপুৰ। পিছে অভিনয়ৰ বাবে নহয়, ব্যক্তিগত জীৱনৰ বাবেহে সকলোৰে মুখে মুখে হৈছে জাহ্নৱীৰ নাম।হয়, অভিনেত্ৰীগৰাকী দীৰ্ঘদিন ধৰি শিখৰ পাহাৰীয়াৰ সৈতে সম্পৰ্কত আছে।

author-image
Asomiya Pratidin
New Update
এই বছৰতে বিবাহ পাশত আৱদ্ধ হ’ব শ্ৰীদেৱীৰ বৰ জী

ডিজিটেল ডেস্ক: বিগত কেইমাহ মানৰ পৰা খুব চৰ্চাত আছে বলীউডৰ অভিনেত্ৰী জাহ্নৱী কাপুৰ। পিছে অভিনয়ৰ বাবে নহয়, ব্যক্তিগত জীৱনৰ বাবেহে সকলোৰে মুখে মুখে হৈছে জাহ্নৱীৰ নাম।হয়, অভিনেত্ৰীগৰাকী দীৰ্ঘদিন ধৰি শিখৰ পাহাৰীয়াৰ সৈতে সম্পৰ্কত আছে। এই বিষয়ে জাহ্নৱী অথবা তেওঁৰ পৰিয়ালে ৰাজহুৱা কৰা নাই যদিও প্ৰায়ে তেওঁলোক দুয়োকে একেলগে সময় কটোৱা দেখা যায়। অৱশ্যে, এতিয়া জাহ্নৱীয়ে নিজেই আওপকীয়াকৈ এই সম্পৰ্কৰ বিষয়ে ৰাজহুৱা কৰিছে।

Advertisment

প্ৰকৃততে, জাহ্নৱীক শেহতীয়াকৈ 'ময়দান' ছবিখনৰ বিশেষ প্ৰদৰ্শনীত দেখা গৈছিল। 'ময়দান'ৰ প্ৰযোজক জাহ্নৱীৰ পিতৃ বনী কাপুৰ। সেয়েহে জাহ্নৱী কাপুৰো ইয়াৰ বিশেষ প্ৰদৰ্শনীত উপস্থিত আছিল।য’ত জাহ্নৱীয়ে পিন্ধিছিল এডাল বিশেষ চেইন।এই চেইনডালতে তেওঁৰ প্ৰেমিক শিখৰৰ নাম ‘চিকু’ খুব সুন্দৰকৈ লেখা আছিল।চিকু শিখৰৰ ঘৰত মতা নাম। পৰিয়ালৰ সূত্ৰৰ মতে, জাহ্নৱীৰ বিয়াখনো এইটো বছৰতে হ’ব।

ইয়াৰ পাছতে ছ’চিয়েল মেডিয়াত বহুতেই জাহ্নৱীক শুভেচ্ছা জনাইছে।বহুতেই তেওঁৰ সম্পৰ্ক ৰাজহুৱা কৰাৰ পদ্ধতিটোৰো শলাগ লৈছে। উল্লেখ্য যে, শিখৰ পাহাৰীয়া পেছাত এজন ব্যৱসায়ী। তেওঁৰ ককাক সুশীল কুমাৰ চিন্দে মহাৰাষ্ট্ৰৰ প্ৰথম মূখ্যমন্ত্ৰী আছিল।

Also Read: ছলমান খানেই নহয়, সঞ্জয় দত্তও বলীয়া হৈছিল ঐশ্বৰ্য ৰয়ৰ প্ৰেমত