জাগীৰোড মহাবিদ্যালয়ৰ অভিনয় বিভাগে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত পৰিৱেশন কৰিলে প্ৰয়াত মহেন্দ্ৰ বৰঠাকুৰৰ ‘পিতামহৰ শৰশয্যা’

জাগীৰোড মহাবিদ্যালয়ৰ অভিনয় বিভাগে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত পৰিৱেশন কৰিলে প্ৰয়াত মহেন্দ্ৰ বৰঠাকুৰৰ ‘পিতামহৰ শৰশয্যা’

author-image
asomiyapratidin
New Update
জাগীৰোড মহাবিদ্যালয়ৰ অভিনয় বিভাগে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত পৰিৱেশন কৰিলে প্ৰয়াত মহেন্দ্ৰ বৰঠাকুৰৰ ‘পিতামহৰ শৰশয্যা’

ডিজিটেল সংবাদ, গুৱাহাটীঃ জাগীৰোড মহাবিদ্যালয়ৰ অভিনয় বিভাগে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত এখনি পূৰ্ণাংগ নাট মঞ্চায়ন কৰে। দৰ্শকৰ সহাৰিৰ প্ৰতি লক্ষ্য ৰাখি আয়োজকসকলে দুটা দৰ্শনিৰ ব্যৱস্থা কৰে আৰু নাটকখনৰ দুয়োটা দৰ্শনীতে প্ৰতিকুল বতৰকো নেওঁচি বহু দৰ্শক উপস্থিত থকা দেখিবলৈ পোৱা যায়।

Advertisment

অভিনয় বিভাগৰ ছাত্ৰ-ছাত্ৰীসকলে মঞ্চায়ন কৰা নাটকখন মহেন্দ্ৰ বৰঠাকুৰৰ 'পিতামহৰ শৰশয্যা'। ১৯৭৩ চনতে নাট্যকাৰ গৰাকীয়ে ৰচনা নাটকখন অভিনয় বিভাগৰ প্ৰৱক্তা মানস প্ৰতীম নেওগে পৰিচালনা কৰে।

নাটকখন দৰ্শন কৰি উপস্থিত দৰ্শকসকলে যথেষ্ট প্ৰশংসা কৰা দেখিবলৈ পোৱা যায়। নাটকখন প্ৰত্যক্ষ কৰে বিশিষ্ট অভিনেতা প্ৰাঞ্জল শইকীয়া, অবিনাশ নাথ, পূৰ্ণিমা শইকীয়া আৰু মলয়া গোস্বামীকে আদি কৰি বহু বিশিষ্ট অভিনেতা-অভিনেত্ৰী তথা নাট্যকৰ্মীয়ে। ইফালে এই বিশেষ নাটকখন উপভোগ কৰে প্ৰয়াত মহেন্দ্ৰ বৰঠাকুৰৰ পৰিয়ালবৰ্গয়ো।

উপস্থিত দৰ্শকসকলে নাটকখনৰ পোহৰ, সংগীত, মঞ্চ সজ্জাকে ধৰি সকলো কামে ভালহোৱা বুলি মন্তব্য কৰে। এক ব্যতিক্ৰমী ধাৰাত মঞ্চায়ন কৰা হয় নাটকখন। উল্লেখ্য যে, জাগীৰোড মহাবিদ্যালয়ৰ অভিনয় বিভাগৰ সকলো ছাত্ৰ-ছাত্ৰী আৰু অধ্যাপকৰ প্ৰচেষ্টাত নাটকখন মঞ্চায়ন কৰা হয়।