জনপ্ৰিয় অভিনেতা ইৰফান খানৰ মাতৃৰ বিয়োগ, লকডাউনৰ বাবে আবদ্ধ ইৰফানে অন্তিম সময়ত দেখা নাপালে মাতৃক…

জনপ্ৰিয় অভিনেতা ইৰফান খানৰ মাতৃৰ বিয়োগ, লকডাউনৰ বাবে আবদ্ধ ইৰফানে অন্তিম সময়ত দেখা নাপালে মাতৃক…

author-image
asomiyapratidin
New Update
জনপ্ৰিয় অভিনেতা ইৰফান খানৰ মাতৃৰ বিয়োগ, লকডাউনৰ বাবে আবদ্ধ ইৰফানে অন্তিম সময়ত দেখা নাপালে মাতৃক…

ফাইল ফটো

ডিজিটেল ডেস্কঃ বলিউডৰ জনপ্ৰিয় অভিনেতা ইৰফান খানৰ মাতৃৰ বিয়োগ। 'The Life Of Pi'-ৰ অভিনেতাগৰাকীৰ মাতৃৰ জয়পুৰত মৃত্যু হৈছে। শনিবাৰে বাধক্যজনীত কাৰণত ৯৫ বছৰ বয়সত মৃত্যু হৈছে তেওঁৰ মাতৃৰ। ইফালে বৰ্তমান সময়ত কোৰোনাৰ বাবে ঘোষণা কৰা লকডাউনৰ ফলত মুম্বাইত অভিনেতাগৰাকী আবদ্ধ হৈ আছে বুলি এক সূত্ৰই সদৰি কৰিছে।

Advertisment

ইতিমধ্যে ইৰফান খানৰ মাতৃ সায়েদা বেগমক অন্ত্যেষ্টিক্ৰিয়া জয়পুৰত সম্পন্ন হৈছে। লকডাউনৰ বাবে কেৱল কেইগৰাকীমান পৰিয়ালৰ লোকহে উপস্থিত থাকিবলৈ সক্ষম হয় অন্ত্যেষ্টিক্ৰিয়াৰ সময়ত। ইফালে ইৰফান খানৰ ভাতৃ চলমান খানে সদৰি কৰা অনুসৰি বিগত কিছু দিন ধৰি তেওঁলোকৰ মাতৃ অসুস্থ হৈ আছিল।