ভাৰতলৈ উভতিল অভিনেতা ইৰফান খান, ছ’চিয়েল মিডিয়াত কৰিলে আৱেগিক পোষ্ট…

ভাৰতলৈ উভতিল অভিনেতা ইৰফান খান, ছ’চিয়েল মিডিয়াত কৰিলে আৱেগিক পোষ্ট…

author-image
asomiyapratidin
New Update
ভাৰতলৈ উভতিল অভিনেতা ইৰফান খান, ছ’চিয়েল মিডিয়াত কৰিলে আৱেগিক পোষ্ট…

ডিজিটেল ডেস্কঃ বলিউদ তথা হলিউদতো প্ৰশংসনীয় অভিনয়ৰে দৰ্শকৰ হৃদয় জিনা অভিনেতা ইৰফান খানে কৰ্কট ৰোগৰ চিকিৎসা কৰাৰ পাছত ভাৰতলৈ উভতি আহে। ইৰফান কানে ভাৰতলৈ উভতি অহাৰ পাছতেই অনুগামীসকলে অপেক্ষা কৰিছে তেওঁৰ নতুন ছবিৰ বাবে। ইফালে, অভিনেতাগৰাকীয়ে ছ'চিয়েল মিডিয়াত এক আৱেগিক পোষ্ট কৰে। তেওঁ লিখিছে যে শীঘ্ৰেই তেওঁক ৰূপালী পৰ্দাত দেখা পাব। লগতে তেওঁ অনুগামীসকলক ধন্যবাদো জ্ঞাপন কৰে।

অভিনেতা ইৰফানে খানে পোষ্টটোত লিখিছিল- 'আমি জয়ী হোৱাৰ চেষ্টা কৰোতে কৰোতে পাহৰি যাওঁ যে ভালপোৱাৰ অৰ্থ প্ৰকৃততে কি। আমি ক্ষতিগ্ৰস্ত হোৱাৰ পাছতহে সেয়া মনত পৰে। মই আপোনালোকৰ ভালপোৱা আৰু সমৰ্থনৰ বাবে চিৰকৃতজ্ঞ। আপোনালোকৰ প্ৰাৰ্থনাই মোক সুস্থ হৈ উঠাত বহু সহায় কৰিছে। আৰু এতিয়া পুনৰ মই আপোনালোকৰ মাজলৈ আহিছো।'

ছ'চিয়েল মিডিয়াত এই পোষ্টটো আপলোড কৰাৰপাছতেই ইৰফান খানৰ অনুগামীসকলে কমেন্ট কৰে। অনুগামীসকলে অভিনেতাগৰাকীৰ এই পোষ্টটোৰ পাছত শুভকামনা জনায়।  জানিব পৰা মতে, ইৰফান খানক শীঘ্ৰে ৰূপালী পৰ্দাত পুনৰ দেখিবলৈ পোৱা যাব। হিন্দী ছবি 'হিন্দী মিডিয়াম'ৰ দ্বিতীয় সংস্কৰণত খানক দেখা পোৱাৰ আশা বৃদ্ধি পাইছে।