/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/02/Akshay-Kumar-3_571_855.jpg)
ডিজিটেল ডেস্কঃ কেইটামান দিনৰ পূৰ্বে ফিল্মফেয়াৰ অনুষ্ঠানলৈ অহা বলিউদৰ ছুপাৰষ্টাৰ অক্ষয় কুমাৰ পুনৰ আহিব পাৰে অসমলৈ। ইতিমধ্যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ছুপাৰষ্টাৰগৰাকীক নিমন্ত্ৰণ কৰি পঠিয়াইছে এক পত্ৰ। দৰাচলতে ২০১৯ বৰ্ষত কাজিৰঙাৰ পলয়ংকাৰী বানত বন্যপ্ৰাণীৰ দুৰ্দশাৰ সংবাদ লাভ কৰি অক্ষয় কুমাৰে ৰাষ্ট্ৰীয় উদ্যানখনলৈ আগবঢ়াইছিল এক কোটি টকাৰ অনুদান।
অভিনেতাগৰাকীৰ এই অুদানৰ পৰাই কাজিৰঙাত নিৰ্মাণ কৰি থকা হৈছে এন্ট্ৰি পোছিং কেম্প আু কেবাখনো সৰু সৰু দলং। প্ৰাপ্ত খবৰ অনুসৰি এই অনুদানৰ টকাৰ পৰাই সুৰক্ষা কৰ্মীৰ বাবে অত্যাধুনিক কেবাখনো নাও ক্ৰয় কৰিব উদ্যান কৰ্তৃপক্ষই। এই সকলোবোৰ কাম কাজ কিদৰে আগবাঢ়িছে সেইয়া চাবলৈ অভিনেতাজনক নিমন্ত্ৰণ জনাইছে উদ্যান কৰ্তৃপক্ষই। সকলো থিকে থাকে থাকিলে অচিৰেই কাজিৰঙালৈ আহিব বলিউদৰ খিলাৰী কুমাৰ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us