Indian Idol 13: বাহিৰ হ’ল সাঞ্চাৰী, বলীউডী ‘অফাৰ’ পালে ঋষিয়ে

Indian Idol 13
Indian Idol 13

ডিজিটেল ডেস্ক: বহুচৰ্চিত ‘ইণ্ডিয়ান আইডল-১৩’ৰ পৰা বাহিৰ হ’ল সাঞ্চাৰী সেনগুপ্তা।সাঞ্চাৰীৰ কণ্ঠই মন জিনিব নোৱাৰিলে বিচাৰক তথা দেশৰ শ্ৰোতা-দৰ্শকৰ।

ইফালে,বলীউডৰ ছবিত গীত গোৱাৰ ‘অফাৰ’ পালে শ্ব’টোৰ অন্যতম কণ্ঠশিল্পী ঋষি সিঙে।শেহতীয়াকৈ প্ৰচাৰ হোৱা এটা খণ্ডত শ্ব’টোত উপস্থিত থকা ‘আশিকী’ ছবিখনৰ কলা-কুশলীয়ে ঋষিৰ কণ্ঠৰ বাৰুকৈয়ে প্ৰশংসা কৰে।জনপ্ৰিয় কণ্ঠশিল্পী কুমাৰ ছানুয়ে আশিকীৰ ছিকুৱেল ‘আশিকী-৩’ত ঋষিয়ে গীত গাব বুলিও ৰাজহুৱাকৈ ঘোষণা কৰে।

উল্লেখ্য, শ্ৰোতা-দৰ্শকে ‘ইণ্ডিয়ান আইডেল-১৩’ৰ ‘টপ ১৩’ প্ৰতিযোগীও ইতিমধ্যে লাভ কৰিলে।প্ৰতিভাৱান সংগীত শিল্পীক এক নতুন পৰিচয় দিয়া এই শ্ব’টোত বিচাৰক হিচাপে আছে বিশাল দাদলানী, হিমেশ ৰেছমিয়া আৰু নেহা কক্কৰ।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in